বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
অসম সাহিত্য সভাৰ পূৰ্ণাংগ কার্যনির্বাহকৰ তৃতীয় অধিৱেশনৰ দেওবাৰে লখিমপুৰত সামৰণি পৰে । লখিমপুৰ জিলা সাহিত্য সভাৰ আতিথ্যত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত গুৰুত্বপূর্ণ কার্যনির্বাহক অধিৱেশনখনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।
অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত কার্যনির্বাহকৰ অধিৱেশনৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহকৰ বিষয়ববীয়া সদস্য, বিভিন্ন উপ-সমিতিৰ বিষয়ববীয়া তথা বিভিন্ন জিলাৰ সভাপতি-সম্পাদকসকলক উদ্দেশ্যি আদৰণী ভাষণ আগবঢ়ায় লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সপোন কুমাৰ দত্ত আৰু নর্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চেতিয়াই ।
অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বহু বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পর্যন্ত অসম সাহিত্য সভাই সকলো জাতীয় সংগঠনৰ সৈতে একত্রিতভাৱে সংগ্রাম কৰি যোৱাৰ পোষকতা কৰাৰ লগতে যোৱা ৭ আগষ্টত অসম চৰকাৰৰ আয়ুক্ত সচিব প্রীতম শইকীয়াৰ পৌৰোহিত্যত জনগোষ্ঠীয় জাতীয় সংগঠনসমূহৰ সৈতে সম্পূর্ণ সহমতত অনুষ্ঠিত সভাত গ্ৰহণ কৰা ভাষা নীতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনাই প্রস্তাৱ গ্ৰহণ কৰে ।
আনহাতে, সভাই ছিংগাপুৰৰ বিশিষ্ট চলচ্চিত্র পৰিচালক-প্রযোজক এৰিক খোলৈ ডঃ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে । তদুপৰি, অসমৰ ক্রীড়া ক্ষেত্ৰৰ মহীৰূহ পুলিন দাস স্মাৰক বঁটা আৰু গৌৰীশংকৰ ভট্টাচার্য স্মাৰক বঁটা আগন্তুক ৰহা অধিৱেশনত প্রদান কৰা, ৰহা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত পূর্বৰ পৰম্পৰাৰ পৰিৱর্তে জনগোষ্ঠীয়-জনজাতীয় সাহিত্য সভাৰ সভাপতিসকলৰ সৈতেহে অসম সাহিত্য সভাৰ সভাপতিয়ে অংশগ্রহণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে ।
বৰাক উপত্যকাত থকা ২১খন অসমীয়া মাধ্যমৰ বিদ্যালয় আন বাংলা মাধ্যমৰ বিদ্যালয়ৰ সৈতে একত্রীকৰণ নকৰিবলৈ দাবী জনায় । ইতিমধ্যে যিকেইখন বিদ্যালয়ৰ একত্রীকৰণৰ নির্দেশ দিয়া হৈছে সেই নির্দেশ তৎকালে বাতিল কৰিবলৈকো কার্যনির্বাহক সভাই দাবী জনায় । ২০২১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা যাতে পূর্বতকৈ হ্রাস নাপায় তাৰবাবে গুৰুত্বসহকাৰে ভাষা ৰক্ষাৰ হকে ৰাজ্য চৰকাৰক কাম কৰিবলৈ আহ্বান জনায় ।
অ’ চি আৰ প্ৰস্তুত কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ক দিয়া দায়িত্ব পালনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহযোগিতা আগনবঢ়োৱাত উদ্বেগ প্রকাশ কৰাৰ লগতে ইউনিক'ডত অসমীয়া লিপিক স্থান দিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ নকৰাত সভাই ক্ষোভ প্রকাশ কৰে ।
সভাই ধলা-শদিয়া ঘটনাক অমানৱীয় আৰু ৰাজ্যখনৰ শান্তি-সম্প্রীতি বিঘ্নিত কৰাৰ গভীৰ ষড়যন্ত্র আখ্যা দি শান্তি-সম্প্রীতি বিঘ্নিত কৰা অশুভ শক্তিক কঠোৰ ভাষাৰে নিন্দা কৰে ।
তদুপৰি, সভাই সংবিধান অনুসৰি গঠন নোহোৱা শাখাসমূহ ভংগ কৰি এনে শাখাসমূহ ১৫ ডিচেম্বৰৰ ভিতৰত পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে ।
- Log in to post comments
- 33 views