গোলাঘাট আছুকে ধৰি ২৮ সংগঠনৰ বিশাল সকীয়নি বিক্ষোভ

গোলাঘাট আছুকে ধৰি ২৮ সংগঠনৰ বিশাল সকীয়নি বিক্ষোভ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীতকৰণৰ বিৰুদ্ধে সমগ্ৰ অসমত বিক্ষোভ কাৰ্যসূচী চলি থকাৰ সময়তে আজি গোলাঘাটতো সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল বাহিৰ হয় ।

গোলাঘাট আছুকে ধৰি ২৮ সংগঠনৰ বিশাল সকীয়নি বিক্ষোভ

বিজেপি চৰকাৰ হায়, হায়, বিজেপি চৰকাৰ গ'-বেক আদি শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে গোলাঘাটৰ আকাশ-বতাহ কঁপাই তোলে বিক্ষাভকাৰীসকলে৷

গোলাঘাট আছুকে ধৰি ২৮ সংগঠনৰ বিশাল সকীয়নি বিক্ষোভ

প্ৰতিবাদী সমদলটোত হাজাৰোধিক ছাত্ৰ-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

গোলাঘাট আছুকে ধৰি ২৮ সংগঠনৰ বিশাল সকীয়নি বিক্ষোভ

লগতে বিধেয়ক গৃহীত কৰাৰ চৰকাৰৰ কুটিল ৰাজনৈতিক ষড়যন্ত্ৰক কোনো কাৰণতে মানি নোলোৱাৰ কথা সকীয়াই দিয়ে ৷

Your Comments