কেন্দ্ৰত শাসনাধিস্থিত বিজেপি চৰকাৰ যে পুঁজিপতিৰ স্বাৰ্থতহে তাৰ আন এক প্ৰমাণ দাঙি ধৰিছে শেহতীয়াভাৱে লোৱা দেশৰ ছটা বিমানবন্দৰক ব্যক্তিগত খণ্ডক হস্তান্তৰ সিদ্ধান্তই ৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিমানে সৰ্বসাধাৰণৰ কথা নকওক কিয়, কামত যে প্ৰথম অগ্ৰাধিকাৰ পুঁজিপতিসকলকহে দি আহিছে এয়া তাৰ এক অন্য প্ৰমাণ ৷
উল্লেখ্য যে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে টোঘলকী সিদ্ধান্তৰে ব্যক্তিগত খণ্ডক গতাব বিচৰা দেশৰ গুৰুত্বপূৰ্ণ ছটা বিমানবন্দৰ হ'ল লক্ষ্ণৌ, আহমেদাবাদ, জয়পুৰ, মাংগালুৰু, তিৰুৱনন্তপুৰম আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৷
ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে এই ছটা বিমানবন্দৰক ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হাতত অৰ্পণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷ এই সম্পৰ্কত মন্তব্য কৰি কেন্দ্ৰীয় আইন দপ্তৰৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে শুকুৰবাৰে কয় যে দেশৰ এই ছটা বিমানবন্দৰক পিপিপি অৰ্থাৎ পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপত পৰিচালনা কৰিবৰ বাবে ব্যক্তিগত খণ্ডক দিব ৷
উল্লেখ্য যে এই সিদ্ধান্তৰ ফলত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বহুখিনি কৰ্তৃত্ব হ্ৰাস পাব ৷ ৰবিশংকৰ প্ৰসাদে প্ৰকাশ কৰামতে, পিপিপিৰ আৰ্হিত পৰিচালনাৰ বাবে বিমানবন্দৰকেইটাক ৩০ বছৰৰ বাবে ব্যক্তিগত খণ্ডৰ কোম্পানীক দিব ৷
ফলত বিমানবন্দৰকেইটাৰ ৭৫ শতাংশ অংশীদাৰিত্ব ব্যক্তিগত খণ্ডলৈ যোৱাৰ বিপৰীতে ২৫ শতাংশ অংশীদাৰিত্বহে বিমানবন্দৰ প্ৰাধিকাৰীৰ হাতত থাকিব ৷
উল্লেখ্য যে একেই প্ৰক্ৰিয়াৰে ২০০৬ চনত প্ৰথম দিল্লী আৰু মুম্বাই বিমানবন্দৰ ব্যক্তিগতকৰণ কৰা হৈছিল আৰু এতিয়া বৃঙয পুঁজিপতিক ৰঙা দলিচা পাৰি দি গুৱাহাটীকে ধৰি আন পাঁচটা বিমানবন্দৰক ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে ৷
অৱশ্যে গুৱাহাটীৰ এল জি বি বিমানবন্দৰ কোনটো কোম্পানীয়ে পৰিচালনা কৰিব সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷
- Log in to post comments
- 17 views