পৰিবহণ নিগমক গতিশীল কৰাৰ বাবে চেষ্টা কৰিম : হৰিচৰণ বড়ো

পৰিবহণ নিগমক গতিশীল কৰাৰ বাবে চেষ্টা কৰিম : হৰিচৰণ বড়ো

অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱনিযুক্ত উপাধ্যক্ষ হৰিচৰণ বড়োৱে শুকুৰবাৰে হঠাতে বঙাইগাঁওস্থিত ৰাজ্যিক পৰিবগণ নিগমৰ বাছ আস্থানত উপস্থিত হৈ আস্থানটো পৰিদৰ্শন কৰাৰ লগতে কাম-কাজৰ বুজ লয় ৷ ইয়াৰ পিচতে তেওঁ বিভাগটোৰ বঙাইগাঁওস্থিত সংমণ্ডল অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় ৷

উপাধ্যক্ষগৰাকীয়ে কাৰ্যালয়ত উপস্থিত হৈ অধীক্ষকৰ পৰা কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি,  কৰ্মচাৰীৰ সংখ্যা, বৰ্তমান চলি থকা পৰিবহণ নিগমৰ বাছৰ সংখ্যা, আয়, বিভিন্ন সমস্যা আদিৰ বিষয়ে বুজ লয় ৷ ইপিনে উপাধ্যক্ষ বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, "আমি নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিছো ৷

পৰিবহণ নিগমক গতিশীল কৰাৰ বাবে চেষ্টা কৰিম : হৰিচৰণ বড়ো

সেয়ে বিভাগটোৰ অধীনৰ বাছ আস্থান, কাৰ্যালয়, কৰ্মচাৰীসকল কেনে আছে তথা কি কি সমস্যা আছে সেইবোৰ পৰিদৰ্শন কৰি বুজ লবলৈ আহিছো ৷ লগতে যাত্ৰীসকলৰ কি কি অসুবিধা আছে সেয়াও চালি-জাৰি চাম ৷ কাৰণ যাত্ৰীসকল আমাৰ বাবে লক্ষ্মী ৷ তেওঁলোকৰ পৰাই আমি ৰাজহ সংগ্ৰহ কৰো ৷"

তেওঁ আৰু কয় যে অসমত ৰঙা গাড়ী বুলি ক'লে আমাৰ যি অসম গৌৰৱ এশিঙীয়া গঁড়, সেই প্ৰতীকেৰে আমাৰ ৰঙা গাড়ীবোৰ চলি আছে ৷ সকলোৰে এটা বিশ্বাস আছে যে ৰঙা গাড়ীত উঠিলে আমি নিৰ্দিষ্ট ঠাইত গৈ পাম ৷ বাটত কিবা এটা অসুবিধা হ'লেও ৰঙা গাড়ীয়ে আমাক বিকল্প ব্যৱস্থা গ্ৰহণ কৰি নিৰ্দিষ্ট স্থানলৈ লৈ যাব ৷

কিন্তু সেই বিশ্বাসৰ কিছু ব্যতিক্ৰম হোৱা বুলি আমি ৰাইজৰ পৰা জানিব পাৰিছো ৷ কিমানদূৰ সত্য আমি মাজত সোমোৱা নাই ৷ এতিয়া  সোমাই যাম আৰু জনসাধাৰণৰ সেই বিশ্বাস ওভতাই আনি বিভাগটোত গতিশীলতা আনিবলৈ চেষ্টা কৰিম বুলিও কয় ৷ অৱশ্যে ইয়াৰ বাবে তেওঁ সংবাদ মাধ্যমকে ধৰি সকলোৰে সহযোগ লাগিব বুলিও কয় ৷

পৰিবহণ নিগমক গতিশীল কৰাৰ বাবে চেষ্টা কৰিম : হৰিচৰণ বড়ো

কাৰণ এই অনুষ্ঠানটো অৰ্থাৎ পৰিবহণ নিগমটো ওতপ্ৰোতভাৱে ৰাইজৰ লগত জড়িত বুলি কৈ যিমানদূৰ পাৰে  বিভাগটোত গতিশীলতা আনিবলৈ চেষ্টা কৰিব বুলি কয় ৷ তেওঁ প্ৰথমে বিভাগটোত স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি কোৱাৰ লগতে কৰ্মচাৰীসকলৰ যিখিনি মনোবল টুটি গৈছে সেইখিনি যাতে ঘূৰাই আনিব পাৰে তাৰবাবে প্ৰচেষ্টা ল'ব বুলিও প্ৰকাশ কৰে ৷

উপাধ্যক্ষ হৰিচৰণ বড়োৱে আৰু কয় যে তেওঁ ইতিমধ্যে বিভাগটোৰ বহু ঠাইত থকা আস্থান, কাৰ্যালয় আদিলৈ গৈছে আৰু তালৈ যোৱাত পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে তেওঁলোকৰ কোনেও খা-খবৰ নলোৱাৰ লগতে কাৰ্যালয় গৃহ আদিৰ দুৰৱস্থাৰ কথা জানিব দিয়া বুলিও কয় ৷ সেয়ে তেওঁ কৰ্মচাৰীসকলৰ ভাঙি যোৱা মনোবল পুনৰ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাব বুলি কয় ৷

ইপিনে তেলৰ মূল্য বৃদ্ধি হৈছে যদিও পৰিবহণ নিগমে ভাড়া বৃদ্ধি কৰা নাই বুলি উল্লেখ কৰি এইদৰে তেলৰ মূল্যবৃদ্ধি হৈ থাকিলে ভাড়া বৃদ্ধি কৰিব লাগিব বুলিও কয় ৷ অৱশ্যে তেওঁ কয় যে তেলৰ দাম বাঢ়িলে ভাড়া বৃদ্ধি হয় ৷

কিন্তু তেলৰ দাম কমিলে ভাড়া নকমে ৷ তেতিয়া জনসাধাৰণৰ লোকচান হয় ৷ সেয়ে সকলো দিশ চালি-জাৰি চাইহে সিদ্ধান্ত লোৱা হ'ব বুলি কয় ৷ উল্লেখ্য যে বঙাইগাঁও বাছ আস্থানত দীৰ্ঘদিন ধৰি অৰ্ধনিৰ্মিত অৱস্থাত থকা কাৰ্যালয় গৃহটো সাংবাদিকে উপাধ্যক্ষগৰাকীক দেখুৱাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
 

Your Comments