নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমন্বয় বৈঠক

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমন্বয় বৈঠক

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত একাধিক সংগঠনে মিলিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁও ছহিদ ভৱনত খগেন গায়ন আৰু প্ৰদীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সমন্বয় বৈঠকত জিলাখনৰ ৬০টাৰো অধিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে ।

সভাই এই বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ অসমৰ মিত্ৰজোঁটৰ জৰিয়তে অসমীয়া জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে । প্ৰতিনিধিসকলে চৰকাৰৰ এই ষড়যন্ত্ৰক কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি চৰকাৰক শীঘ্ৰে বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায় ।

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমন্বয় বৈঠক

অন্যথা চৰকাৰ কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সভাই সকীয়াই দিয়ে । সভাই জিলাখনত বিধেয়কৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় । সভাই এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাগজ্যোতিষ বণিয়া আৰু কৃষক মুক্তিৰ জীতেন বৰাক মুখ্য আহ্বয়ক হিচাপে লৈ এখন আহ্বায়ক সমিতি গঠন কৰি দিয়ে ।

আনহাতে, ১৪ নৱেম্বৰত ধলাৰ পৰা আহিবলগা সংকল্প যাত্ৰাক নগাঁৱত বিপুলভাৱে আদৰণি জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইদিনা নগাঁৱত  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । আজিৰ সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, আদিবাসী জাতীয় মহাসংঘ, ঐক্য সেনা অসম, আমছু,

বীৰ লাচিত সেনা, সূত ছাত্ৰ সন্থা, মাছ, টাই আহোম ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, কোচ ৰাজবংশী জাতীয় সন্মিলন, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, বিহু সুৰক্ষা সমিতিকে ধৰি ৬০টা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি বিজেপি আৰু আৰ এছ এছৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ সংকল্প গ্ৰহণ কৰে ।

লগতে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সকলোকে সাজু হ'বলৈ আহ্বান জনায় ।
 

Your Comments