২০১৮ বৰ্ষৰ শিশু সাহিত্য বঁটা নূপুৰ মোমাইদেউলৈ

২০১৮ বৰ্ষৰ শিশু সাহিত্য বঁটা নূপুৰ মোমাইদেউলৈ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

২০১৮ বৰ্ষৰ অসম শিশু সাহিত্য বঁটা আগবঢঞোৱা হেছে জনপ্ৰিয় শিশু সাহিত্যিক নূপুৰ মোমাইদেউলৈ ৷ শিয়াল শিৰোমণি মৰকেলেপ, বিড়ালী বাইদেউৰ পঢ়াশালি, ফেঁচা আৰু পংগপালৰ সাধু, উৰুলিপুঙা-খাই পাতফলাৰ সাধু, ওফাইদাং আৰু বেবেৰিবাঙৰ সাধু, আটহপ্ৰাণ উৰুলিপুঙাৰ সাধু, উৰুলিপুঙাৰ গজাৰোহন, উৰুলিপুঙা, বোন্দাবাবাজীৰ সাধু, উদুলি-মুদুলি মাইনা মাহীৰ বিয়া, অম্বুপ্ৰিয়াৰ সাধু, জগৰাবাৰীৰ ভূত, তোমালোকৰ সাধুকে আদি কৰি বহুকেইখন মৌলিক গ্ৰন্থৰ লেখক নূপুৰ মোমাইদেউৱে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদিত জনপ্ৰিয় শিশু আলোচনী "সঁফুৰা"ত ।

শিশু পাঠকসকলৰ মাজত অতি জনপ্ৰিয় নূপুৰ মোমাইদেৱে আমাৰ চৌপাশৰ জীৱ-জন্তুখিনিকে চৰিত্ৰ সজাই প্ৰকৃতি প্ৰেম আৰু প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা থকা অতি নিভাঁজ আৰু গ্ৰাম্য সমাজত প্ৰচলিত হেৰাই যাব ধৰা আপুৰুগীয়া শব্দবোৰ বুটলি আনি সৰল আৰু সহজ ভাষাত শিশুসকলৰ বোধগম্য কৰি গল্পসমূহত তুলি ধৰাটো তেখেতৰ অন্য এক কৌশল ।

শিশু আলোচনী "সঁফুৰা" শিশু পাঠকসকলৰ মাজত যিমানে জনপ্ৰিয়, নূপুৰ মোমাইদেউও সিমানেই জনপ্ৰিয় । "সঁফুৰা"ৰ জন্মলগ্নৰে পৰা নিয়মীয়াকৈ গল্প, কবিতা লিখি সাহিত্য-চৰ্চা কৰি অহা মোমাইদেৱে ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ হাতীচোঙত ১৯৫২ চনত জন্মগ্ৰহণ কৰে ।

তেখেতে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত শিশু সাহিত্য কৰ্মশালাবোৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি এচাম নতুন লেখক সৃষ্টিতো গুৰুত্ব প্ৰদান কৰি আহিছে । মুকুতা, মৌচাক, অকণ,  সপোন, জোনাক আদি শিশু আলোচনীত সাহিত্য চৰ্চা কৰি অহা মোমাইদেৱে "বাৰ ওঠৰ", 'ৰণাংগন" আলোচনীৰ শিশু শিতানত গল্প নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে ।

স্থানীয় বহু কেইখন মুখপত্ৰ, স্মৃতিগ্ৰন্থ আদি সম্পাদনা কৰাৰ লগতে সাপ্তাহিক সংবাদ-পত্ৰ গণতন্ত্ৰ, কলংপাৰ, আমাৰ নগাঁও আদিতো সাহিত্য চৰ্চ্চা কৰি আহিছে । মোমইদেৱে সঁফুৰাত নিয়মীয়াকৈ প্ৰকাশ পাই থকা ৰচনাৰাজিত শিয়াল শিৰোমণি, মৰকেলেপ, বিড়ালী বাইদেউ, ফেঁচা, পংগপাল, উৰুলিপুঙা, খাই পাত ফলা, ওফাইদাং, বেবেৰিবাং, আটহপ্ৰাণ, উৰুলিপুঙা, বোন্দাবাবাজী, মাইনা মাহী, অম্বুপ্ৰিয়া আদিৰ দৰে চৰিত্ৰৰ মুখত দিয়া সংলাপ আৰু কথোপকথনে পাঠকক বাৰুকৈয়ে আনন্দ দিয়ে ।

নগাঁও কলেজৰ বিজ্ঞানৰ স্নাতক মোমাইদেৱে হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি প্ৰধান শিক্ষক হিচাপে অলপতে অৱসৰ গ্ৰহণ কৰি অসম সাহিত্য সভা আদি বহু সামাজিক সংগঠনৰ লগত জড়িত হৈ আছে । তেখেতৰ ৰসাল আৰু মানৱতাৰ বাৰ্তা থকা ৰচনাসমূহ বহু ঠাইত নাটক হিচাপেও পৰিবেশন কৰিছে ।

চকলাঘাত জে বি বিদ্যালয়ত প্ৰাথমিক শিক্ষা, চাকলাঘাত উচ্চ মাধ্যমিকৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, নগাঁও মহাবিদ্যালয়ৰ পৰা বিজ্ঞান স্নাতক হৈ অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ উপ-পৰিদৰ্শকৰ পদত চাকৰি কৰি ভাল নোপোৱাত পদত্যাক কৰি পুনৰ পূৰ্বৰ শিক্ষকতা কৰা বিদ্যালয়ত যোগদান কৰে ।

লগতে শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা মোমাদেৱে যোৰহাটত নেচনেল বুক ট্ৰাষ্টে আয়জন কৰা শিশু সাহিত্যৰ আলোচনা-সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আহিছে ।

Your Comments