আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত চাৰিটাকৈ শতক অৰ্জন কৰা ৰোহিত শৰ্মা হৈছে বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ৷ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে লক্ষ্ণৌত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন টি-২০ত টীম ইণ্ডিয়াৰ নিৰ্ভৰযোগ্য বেটছমেন ৰোহিত শৰ্মাই ৫৮টা বলতে শতক অৰ্জন কৰি ১১১ ৰাণত অপৰাজিত হৈ ৰয় ৷ ইয়াৰ পূৰ্বে ২০১৫ চনত ধৰমশালাত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে, ২০১৭ চনত ইন্দোৰত শ্ৰীলংকাৰ বিপক্ষে আৰু ২০১৮ চনৰ জুলাইত ইংলেণ্ডৰ বিপক্ষে শতক ৰোহিত শর্মাই শতক অর্জন কৰিছিল ৷
টি-২০ত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ কৃতিত্বও ৰোহিত শৰ্মাৰ৷ ৰোহিতে বৰ্তমানলৈ ১৯টা অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ১৮টা অৰ্ধশতক কৰি বিৰাট কোহলী দ্বিতীয় স্থানত৷ নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিলেৰ ১৬টা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলে ১৫টা আৰু নিউজিলেণ্ডৰ ব্ৰেণ্ডন মেককুলামে ১৫টা অৰ্ধশতক অৰ্জন কৰিছে ৷ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত এই শৃংখলাটোত নেতৃত্ব প্ৰদান কৰিছে ৰোহিতে ৷
- Log in to post comments
- 21 views