পোহৰৰ উৎসৱ দীপাৱলীত উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টিকাৰী ফটকাৰ দ্বাৰা সাধাৰণ ৰাইজৰ ক্ষতি হোৱা তথা শান্তি বিঘ্নিত হোৱাৰ আশংকা কৰি বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ বাবুলাল শৰ্মাই এক নিৰ্দেশনা যোগে জিলাখনত কিছুমান নিষেধাজ্ঞা বলবৎ কৰি ১৪৪ ধাৰা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞাৰ অধীনত বঙাইগাঁও জিলাত নিৰ্দিষ্ট ডেচিবল শব্দতকৈ উচ্চ প্ৰাবল্যৰ শব্দ সৃষ্টিকাৰী ফটকা বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে ৷
তদুপৰি পৰিৱেশ প্ৰদূষণকাৰী শিকলিবদ্ধ ফটকা, ৰকেট আদিৰ বিক্ৰীও নিষিদ্ধ কৰা হৈছে ৷ কেৱল কম প্ৰাবল্যৰ শব্দৰ ফটকাহে ফুটোৱাত অনুমতি প্ৰদান কৰা হৈছে ৷ আনহাতে নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব ৷ সেইদৰে অনুজ্ঞা-পত্ৰ প্ৰাপ্ত বিক্ৰেটাইহে ফটকা বিক্ৰী কৰিব পাৰিব ৷
এই নিষেধাজ্ঞা সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ কৰা হৈছে আৰু অহা ৩০ নৱেম্বৰলৈ কাৰ্যকৰী হৈ থাকিব ৷ এই নিষেধাজ্ঞা উলংঘন কৰিলে ১৮৮ ধাৰাৰ অধীনত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জিলা দণ্ডাধীশগৰাকীৰ নিৰ্দেশনাটোত উল্লেখ কৰিছে ৷
- Log in to post comments
- 13 views