মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত চলি থকা ৪৭ সংখ্যক মতিৰাম বৰা ফুটবল প্ৰতিযোগিতাত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশে চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিছে । আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল খেলখনত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশে ভূৰবন্ধাৰ আঞ্চলিক নৱজ্যোতি সংঘক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে । তীব্ৰ উত্তেজনাময় খেলখনত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশৰ হৈ ৬৫ মিনিটত একমাত্ৰ বিজয়সূচক গ'লটো দিয়ে নাইজেৰিয়ান খেলুৱৈ বুলেটে ।
মতিৰাম বৰাৰ নাতি অংশুমান বৰাই উদ্ধোধন কৰা চুড়ান্ত খেলখনত প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰে ভূৰবন্ধা আঞ্চলিক নৱজ্যোতি সংঘৰ খেলুৱৈ মোস্তাক আহমেদে।প্ৰতিযোগিতাখনৰ বঁটা প্ৰদান অনুষ্ঠানত মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, ক্ৰীড়া বিদ প্লাৱন বৰুৱা, মতিৰাম বৰা নাতি মনীষ চৌধুৰী, উপ-সভাপতি ৰমেন নাথ, জাকিৰ হুছেইন,সম্পাদক জিতু বৰদলৈ আদি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 14 views