বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত ২৫ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত ২৯সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতা সুকলমে সম্পন্ন হয় । অৰ্জুন বঁটা প্ৰাপ্ত ভোগেশ্বৰ বৰুৱাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অলিম্পক শিখা প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে ।
ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হৈ অহা পাঁচ শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ।
শোণিতপুৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ কে এম শশীয়ে জানিবলৈ দিয়া মতে, হাইদৰাবাদ, পুণে, শ্বিলং, চণ্ডীগড়, লক্ষ্ণৌ, পাটনা, ভূপাল, জয়পুৰকে ধৰি মুঠ ৮টা মণ্ডলৰ প্ৰতিযোগীয়ে এই ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
ইয়াৰে শ্বিলং মণ্ডলৰ ৩৭গৰাকী প্ৰতিযোগীৰ ভিতৰত শোণিতপুৰ নৱোদয় বিদ্যালয়ৰ ১৪গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । আনহাতে, শুভাৰম্ভণী অনুষ্ঠানৰ পাছতে মুকলি কৰা হয় এখন স্মৃতিগ্ৰন্থ । উক্ত অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, শ্বিলঙৰ উপায়ুক্ত আৰ কে গুপ্তা, শ্বিলঙৰ অতিৰিক্ত উপায়ুক্ত শ্যামালীমা ডেকাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা উত্তৰ-পূৱ ভাৰতৰ শ্বিলং মণ্ডলৰ খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ৮টা সোণ, ৪টা ৰূপ আৰু ৮ ব্ৰঞ্জৰ পদক লাভ কৰে ৷ সোণৰ পদক লাভ কৰাসকল ক্ৰমে বেদিকা গুপ্তা, নিৰ্মলা ওৱাহেংবাম, গুৱামচাৰ বড়ো, থিয়াম অৰ্জুন মিয়েটেই, পূৰ্ণাচন্দ্ৰ আমম্, ৰজৎ সিং কলম, ডাব্লিউ এল মেইতেই, কিষ্টমায়ং চিমিকান্ত সিং ।
হিৰিম্বা বসুমতাৰী, ইচ্ছামণি মেধি, মালাংগাপ্পা মেইতেই, খিলঞ্জনা বৰাই ৰূপৰ পদক লাভ কৰাৰ লগতে ব্ৰঞ্জৰ পদক লাভ কৰে শুভলক্ষ্মী চুব্বা, নিকিতা নৰহ, মুন্মী শইকীয়া, এনিশ ঠৈয়ক, কাশ্মীৰী শইকীয়া, হিমাংশু দাস, চন্দ্ৰকান্ত সিং আৰু নিলোৎপল হাজৰিকাই ।
উক্ত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাখনিত শ্বিলং মণ্ডলৰ ১৭ বছৰৰ অনূৰ্ধ্বৰ ছোৱালীৰ শাখাত বেদিকা গুপ্তা আৰু ১৯ বছৰৰ অনূৰ্ধ্বৰ ৰজৎ কমল সিঙে লাভ কৰে শ্ৰেষ্ঠ যুঁজাৰুৰ সন্মান ৷ লগতে ১৯ বছৰ অনূৰ্ধ্বৰ ল'ৰাৰ শাখাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৷
- Log in to post comments
- 36 views