গোলাঘাট আৰু বৰজানত এমহীয়া এথলেটিক্‌ছ প্ৰশিক্ষণ শিবিৰ

গোলাঘাট আৰু বৰজানত এমহীয়া এথলেটিক্‌ছ প্ৰশিক্ষণ শিবিৰ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

প্ৰতিভাসম্পন্ন খেলুৱৈৰ সন্ধানত আজি গোলাঘাটত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ আৰু বৰজান বাগানত বিধায়কজনৰ একক প্ৰচেষ্টাৰে এথলেটিক্‌ছৰ এমহীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে ।

গোলাঘাট আৰু বৰজানত এমহীয়া এথলেটিক্‌ছ প্ৰশিক্ষণ শিবিৰ

প্ৰায় ১০০ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক মৃণাল শইকীয়াই । লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাং ।

এন আই এছ প্ৰশিক্ষক হেৰেমচা দৈমাৰীয়ে প্ৰশিক্ষণ দিবলগীয়া শিবিৰটোৰ পৰা আগন্তুক সময়ত প্ৰতিভাৱান খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ বাবে অসম একাডেমী বা গুৱাহাটীৰ ছাই লৈ নিয়াৰ কথাও ঘোষণা কৰে প্ৰশিক্ষকজনে ।

Your Comments