মৰিগাঁৱত আজিৰে পৰা ৪৭সংখ্যক মতিৰাম বৰা ফুটবল প্ৰতিযোগিতা

মৰিগাঁৱত আজিৰে পৰা ৪৭সংখ্যক মতিৰাম বৰা ফুটবল প্ৰতিযোগিতা

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগ আজিৰে পৰা অনুষ্ঠিত হোৱা ৪৭সংখ্যক মতিৰাম বৰা ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে ।

মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশ আৰু ব'ল ব'ম মৰিগাঁও একাদশৰ মাজত অনুষ্ঠিত খেলখনত জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থা একাদশ ২-০ গ'লত জয়ী হয় ।

খেলৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে সমাপ্তি ঘটিলেও জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থাৰ হৈ ৬৯ মিনিটত নাইজেৰিয়ান খেলুৱৈ বুলেট আৰু ৮০ মিনিটত বিটু গোহাঁয়ে দিয়া গ'লৰ জৰিয়তে জয়লাভ কৰে ৷

ইফালে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মমিন বৰদলৈয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পৱন মান্তা, উপ-সভাপতি ৰমেন নাথ, সম্পাদক জিতু বৰদলৈ প্ৰমুখ্যে বহু কেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিযোগিতাখনৰ কাইলৈৰ খেল দলবাৰী যুৱ কল্যাণ সংঘ আৰু দমাল স্প'ৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হ'ব ।

 

Your Comments