আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ডোৱেন ব্ৰেভোৱে তেওঁৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে ৷

কেৱল বিশ্বজুৰি বিভিন্ন ফ্ৰেন্সাইজিৰ টি-২০ ক্ৰিকেটৰ বাহিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰাই তেওঁ অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

উল্লেখ্য যে ৩৫ বছৰীয়া ব্ৰেভোৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ হৈ অভিষেক ঘটিছিল ২০০৪ চনত ৷ তেওঁৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াত ৪০খন টেষ্ট, ১৬০খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ৬৬খন আন্তঃৰাষ্ট্ৰীয় টি-২০ত অংশগ্ৰহণ কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

অৱশ্যে তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ শেষৰখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল আজিৰ পৰা প্ৰায় ২ বছৰ আগত পাকিস্তানৰ বিৰুদ্ধে আবুঢাবিত অনুষ্ঠিত টি-২০ মেচত ৷

আনহাতে, তেওঁ জাতীয় দলক প্ৰতিনিধিত্ব কৰি শেষৰখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল ২০১৪ চনৰ অক্টোবৰত আৰু ২০১০ চনৰ ডিচেম্বৰ মাহৰ পৰা তেওঁক ৱেষ্ট ইণ্ডিজৰ জাতীয় টেষ্ট দলত দেখিবলৈ পোৱা নাই ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

''আজি মই ক্ৰিকেট বিশ্বক জনাব বিচাৰোঁ যে মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিলোঁ ৷ ১৪ বছৰ পিছত আজি মোৰ সেই দিনটোলৈ মনত পৰিছে যিদিনা ৱেষ্ট ইণ্ডিজৰ হৈ মোৰ অভিষেক ঘটিছিল ৷

২০০৪ চনৰ জুলাই মাহৰ সেই বিশেষ মুহূৰ্তটো এতিয়াও মনত আছে যেতিয়া মই ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত প্ৰৱেশৰ পূৰ্বে মেৰুণ টুপীটো গ্ৰহণ কৰিছিলোঁ ৷ সেই সময়ত মই অনুভৱ কৰা গৌৰৱ আৰু দায়িত্ব মই গোটেই কেৰিয়াৰত ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ ৷''

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত ব্ৰেভোৱে এনেদৰে উল্লেখ কৰে ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ


উল্লেখ্য যে ভাৰত ভ্ৰমণলৈ অহা ৱেষ্ট ইণ্ডিজ দলৰ এদিনীয়া শৃংখলাৰ মাজতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডৰ ওপৰত অসণ্টুষ্ট হৈ নাটকীয়ভাৱে শৃংখলাৰ মাজতে দেশলৈ উভতি যোৱাৰ সময়ত ব্ৰেভো আছিল ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়ক ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

সেয়াই আছিল ৱেষ্ট ইণ্ডিজৰ হৈ এদিনীয়াত অংশগ্ৰহণ কৰা ব্ৰেভোৰ শেষ খেল ৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত টেষ্টত ২,২০০ ৰাণ আৰু ৮৬টা উইকেট, এদিনীয়াত ২,৯৬৮ ৰাণ আৰু ১৯৯টা উইকেট আৰু টি-২০ ক্ৰিকেটত ১,১৪২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৫২টা উইকেট দখল কৰিছিল ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ডোৱেন ব্ৰেভোৰ

টি-২০ মেচত ব্ৰেভোৰ আকাশচুম্বী শ্বট বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মাজত এক চিৰস্মৰণীয় অনুভৱ ৷ 

Your Comments