প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ছিউল শান্তি বঁটা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ছিউল শান্তি বঁটা

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু গোলকীয় অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ 'ছিউল শান্তি বঁটা' ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে বুধবাৰে এক বিবৃতিযোগে প্ৰকাশ কৰে যে এই সন্মানীয় বঁটা প্ৰদান কৰাৰ বাবে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটযোগে কয়, ''বিশ্বই স্বীকৃতি দিছে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ বৰ্ষৰ সন্মানীয় ছিউল শান্তি বঁটা লাভ কৰিছে 'মোডীনমিক্স'ৰ জৰিয়তে ভাৰত আৰু বিশ্বৰ উচ্চ অৰ্থনৈতিক বিকাশত আগবঢ়োৱা অৰিহণাৰ বাবে, বিশ্ব শান্তিৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে, মানৱ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে আৰু ভাৰতত গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে ৷''

উল্লেখ্য যে ছিউল শান্তি বঁটা আৰম্ভ কৰা হৈছিল ১৯৯০ চনত ২৪সংখ্যক ছিউল অলিম্পিকৰ সফল সামৰণিৰ পিছত ৷ মোডী হ'ল এই সন্মানীয় বঁটা লাভ কৰা চতুৰ্দশগৰাকী ব্যক্তি ৷

ইয়াৰ আগতে এই বঁটা লাভ কৰা সন্মানীয় ব্যক্তিসকলৰ ভিতৰত অন্যতম হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নান, জাৰ্মান চেন্সেলৰ এঞ্জেলা মাৰ্কেল আৰু প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থা 'ডক্টৰ্ছ উইথাউট ব'ৰ্ডাৰ' আৰু 'অক্সফাম' ৷

Your Comments