কাইলৈৰ পৰা ইম্ফলত নৰ্থ-ইষ্ট অলিম্পিক গেম্‌ছ

কাইলৈৰ পৰা ইম্ফলত নৰ্থ-ইষ্ট অলিম্পিক গেম্‌ছ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

মণিপুৰৰ ইম্ফলত অহা ২৪ অক্টোবৰৰ পৰা পাঁচদিনীয়াকৈ নৰ্থ-ইষ্ট অলিম্পিক গেম্‌ছ-২০১৮-১৯ অনুষ্ঠিত হ'ব । এই প্ৰতিযোগিতাখনিত যোগদান কৰিবৰ বাবে ৰাজ্যৰ ছিনিয়ৰ মহিলা ফুটবলৰ ১৬জনীয়া দলটি ঘোষণা কৰা হৈছে ।

দলটিত অন্তৰ্ভুক্ত খেলুৱৈসকলৰ ভিতৰত কোকৰাঝাৰৰ ৭জন, কাৰ্বি আংলঙৰ ২জন, ৰঙিয়াৰ ২জন, যোৰহাটৰ ২জন, মঙলদৈ, তিতাবৰ আৰু মৰাণৰ এজনকৈ প্ৰতিযোগী আছে । ইতিমধ্যে দলটি ইম্ফল অভিমুখে ৰাওনা হৈছে ।

১৬জনীয়া দলটি হৈছে অঞ্জনা শইকীয়া, সৌমশ্ৰী বড়ো (গ'লৰক্ষক), কণিকা ব্ৰহ্ম, চাবিনা কিছপতা, ভবানী কুমাৰ, সীমা বড়ো, ফুমা নাৰ্জাৰী, নীলম দাস (ৰক্ষণ বিভাগ), মৃণালী বৰা, সঞ্জলী কেমপ্ৰাই, ছোনিয়া মাৰাক, প্ৰণিতা টায়ে (মিড ফিল্ডাৰ), মীনা বসুমতাৰী, সুনীতা বসুমতাৰী, সোৱণশিৰি বড়ো আৰু অঞ্জলি ডেকা (ফৰৱাৰ্ড) ।

উল্লেখ্য যে দলটিত মেনেজাৰৰূপে মৰাণৰ সঞ্জীৱ বৰুৱা আৰু মুখ্য প্ৰশিক্ষকৰূপে নাজিৰাৰ মিণ্টু বৰগোঁহাই থাকিব ।

গহপুৰত অনুষ্ঠিত আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবলৰ পাছত মৰাণত অনুষ্ঠিত বাছনি শিবিৰৰ পৰা দলটি ঘোষণা কৰা হৈছে ।

Your Comments