যুঁজি যুঁজি ফ্ৰান্সে নিলে বিশ্বকাপ

যুঁজি যুঁজি ফ্ৰান্সে নিলে বিশ্বকাপ

ফ্ৰান্সৰ হাতত বিশ্বকাপ৷ বিশ্বকাপৰ ৩২দিনীয়া যু্দ্ধৰ অৱসান ঘটিল৷ অন্তিম মুহূৰ্তলৈ যুঁজ দি ফ্ৰান্সক ৰাখিব নোৱাৰিলে ক্ৰ’ৱেচিয়াই৷ তিনিটাকৈ আত্মঘাতী গ’লে ৰাছিয়াৰ বিশ্বকাপৰ ফাইনেলত অন্য এক ইতিহাস ৰচিলে। ক্ৰ’ৱেচিয়াৰ দুটা আৰু ফ্ৰান্সৰ এটা আত্মঘাতী গ’ল৷ ২০ বছৰৰ পাছত

যুঁজি যুঁজি ফ্ৰান্সে নিলে বিশ্বকাপ

পুনৰ বিশ্বকাপ দখল কৰিলে ফ্ৰান্সে৷ ৪-২ ব্যৱধানত ক্ৰ’ৱেচিয়াক পৰাজিত কৰিলে ফ্ৰান্সে৷ ক্ৰ’ৱেচিয়াৰ অসাধাৰণ ক্ৰীড়াশৈলীয়ে বিশ্বৰ ফুটবলপ্ৰেমীক আকৰ্ষিত কৰিছিল৷ ক্ৰৱেচিয়াবাসী আজি উৎফুল্লিত৷ প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলি বিশ্বত পৰিচিত হৈ পৰিল ক্ৰ’ৱেচিয়া৷ ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি কলিন্দা গ্ৰেবাৰ কিটাৰভিদে খেলুৱৈসকলক খেলপথাৰত থাকি অনুপ্ৰাণিত কৰিলে৷ বিশ্বকাপৰ বঁটা প্ৰদান অনুষ্ঠানত ক্ৰ’ৱেচিয়া, ফ্ৰান্স আৰু ৰাছিয়া তিনিওখন ৰাষ্ট্ৰৰে ৰাষ্ট্ৰপতিৰ উপস্থিতি আছিল অতি লক্ষণীয়৷ ফুটবলাৰসকলক অনুপ্ৰাণিত কৰা ই এক অনন্য নিদর্শন৷

Your Comments