আই চি চি এদিনীয়া ৰেংকিঙৰ শীৰ্ষ স্থানত কোহলি-বুমৰাহ

 শীৰ্ষস্থানত

শেহতীয়াকৈ অনুষ্ঠিত এছিয়া কাপত ভাৰতীয় দলত অংশগ্ৰহণ নকৰিলেও বিৰাট কোহলীয়ে আই চি চি এদিনীয়া ৰেংকিঙত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৷

 শীৰ্ষস্থানত

সোমবাৰে প্ৰকাশিত শেহতীয়া ৰেংকিং তালিকাত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে ৮৮৪ ৰেংকিং পইণ্টেৰে লাভ কৰিছে শীৰ্ষস্থান ৷ আনহাতে, ৮৪২ পইণ্টেৰে ৰোহিত শৰ্মা এই তালিকাৰ দ্বিতীয় স্থানত আছে ৷

একেদৰে বলিঙৰ তালিকাত মুঠ ৭৯৭ পইণ্টেৰে জশপ্ৰীত বুমৰাহে শীৰ্ষ স্থান অটুট ৰাখিছে ৷ এ ইতালিকাত ভাৰতীয় স্পিনাৰ কুলদীপ যাদৱ ৭০০ পইণ্টেৰে আছে তৃতীয় স্থানত ৷

 শীৰ্ষস্থানত

দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় আফগান লেগ স্পিনাৰ ৰছিদ খান ৷ তেওঁৰ ৰেংকিং পইণ্ট হ'ল ৭৮৮ ৷ আনহাতে, সদ্য সমাপ্ত এছিয়া কাপৰ মেন অব্‌ দ্য ছিৰিজ, ভাৰতীয় দলৰ ষ্টাইলিছ অ'পেনিং বেটছমেন শিখৰ ধৱন বেটিঙৰ শীৰ্ষ ১০ত স্থান লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুবৈ ৷

 শীৰ্ষস্থানত

তেওঁৰ ৰেংকিং পইণ্ট হ'ল ৮০২ ৷ দলীয় ৰেংকিঙত ইংলেণ্ডে ১২৭ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থান অৱস্থান কৰাৰ বিপৰীতে ১২২ পইণ্টেৰে ভাৰতে লাভ কৰে দ্বিতীয় স্থান ৷

তালিকাত ইয়াৰ পিছত স্থান লাভ কৰা দলকেইটা হ'ল ক্ৰমে নিউজীলেণ্ড (১১২), দক্ষিণ আফ্ৰিকা (১১০) আৰু পাকিস্তান (১০১ পইণ্ট) ৷

Your Comments