দৰিদ্ৰতাৰ বাধা নেওচি বিশ্বজয়ৰ আশাৰে ডাৰবানলৈ সাজু মাহমৰাৰ মৃণ্ময়

দৰিদ্ৰতাৰ বাধা নেওচি বিশ্বজয়ৰ আশাৰে ডাৰবানলৈ সাজু মাহমৰাৰ মৃণ্ময়

সোণাৰিৰ পৰা ঘন বৰা

 চৰাইদেউ জিলাৰ মাহমৰা কাকতিবাৰীৰ বিমান দেউঘৰীয়া আৰু লাকী দেউঘৰীয়াৰ একমাত্ৰ পুত্ৰ মৃণ্ময় দেউঘৰীয়া ৷ সাধাৰণ জীৱন যাপন কৰা ঘৰখনৰ পৰা নিৰ্বাচিত হৈছে দক্ষিণ আফ্ৰিকাত কাৰাটে খেলিবলৈ ৷

দৰিদ্ৰতাৰ বাধা নেওচি বিশ্বজয়ৰ আশাৰে ডাৰবানলৈ সাজু মাহমৰাৰ মৃণ্ময়

বিশেষ সা-সুবিধা অবিহনে অনুশীলন কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে কাৰাটে খেলুৱৈগৰাকীয়ে ৷ কোকৰাঝাৰস্হিত ছাইৰ তত্ত্বাৱধানত সপ্তম শ্ৰেণীত অধ্যয়নৰত কণমানি ছাত্ৰ মৃণ্ময়ে অহা ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে ।

দৰিদ্ৰতাৰ বাধা নেওচি বিশ্বজয়ৰ আশাৰে ডাৰবানলৈ সাজু মাহমৰাৰ মৃণ্ময়

কিন্তু থমকি ৰ’বলগা হৈছে একমাত্ৰ আৰ্থিক দৈন্যৰ বাবে ৷ সোণাৰিৰ সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ আৰু মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে সামান্য সাহায্য আগবঢ়াইছে যদিও পৰ্যাপ্ত নহয় ৷ ইফালে খেলুৱৈগৰাকীৰ পাছপ’ৰ্ট, ভিছা যোগাৰ হৈছে যদিও প্ৰয়োজনীয় ধনৰ অভাৱত ভাগি পৰিছে খেলুৱৈগৰাকীৰ লগতে পৰিয়ালটো ৷
 

Your Comments