অনুসন্ধানমূলক ৱেবছাইট 'কোব্ৰাপোষ্ট'-এ ৪ অক্টোবৰত অনা এক অভিযোগ মতে, দেশৰ ১৯৪গৰাকী জনপ্ৰতিনিধিয়ে ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত পানকাৰ্ডৰ ভুৱা তথ্য প্ৰদান কৰিছে ৷ উল্লেখনীয় কথাটো হ'ল, ইয়াৰ মাজত আছে ৬গৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু ১০গৰাকী বৰ্তমানৰ মন্ত্ৰী ৷
ৱেবছাইটটোৱে অভিযোগ অনা উক্ত ৰাজনৈতিক নেতাসকলৰ ভিতৰত আছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু ডাঃ ভূমিধৰ বৰ্মনৰ নাম ৷ উল্লেখ্য যে দেশৰ ৭গৰাকী লোকসভাৰ সাংসদ আৰু ৯৮গৰাকী বিধায়কৰ সম্পত্তি বৈশিষ্ট্যপূৰ্ণভাৱে বৃদ্ধি পোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় বোৰ্ডক ইয়াৰ ওপৰত তদন্তৰ নিৰ্দেশনা প্ৰদান কৰাৰ এবছৰ পিছত এই অনুসন্ধান চলোৱা হৈছিল ৷
২০০৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগক তৰুণ গগৈয়ে দাখিল কৰা শপতনামাত উল্লেখ কৰা পানকাৰ্ডৰ নম্বৰটো আছিল ACOPG06834, যিটো উপলব্ধ নহয় ৷ আনহাতে, ২০১১ চনৰ পৰৱৰ্তী নিৰ্বাচনত তেওঁ অন্য এক পান নম্বৰ দাখিল কৰে, যিটো হ'ল ACOPG0683M ৷
একেদৰে, ভূমিধৰ বৰ্মনে ২০০৬ চনত ঘোষণা কৰা সম্পত্তিৰ তালিকাত ACBPD0559N পানকাৰ্ড ব্যৱহাৰ কৰিছিল, যিটো উপলব্ধ নাছিল ৷
- Log in to post comments
- 11 views