পৃথ্বী শ্ব'ৰ ঐতিহাসিক টেষ্ট শতক : অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ

পৃথ্বী শ্ব'ৰ ঐতিহাসিক টেষ্ট শতক : অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ

মাত্ৰ ১৮ বছৰ ৩২৯ দিন ৷ ভাৰতীয় ক্ৰকেট দলৰ উদ্ভাসিত তাৰকা পৃথ্বী শ্ব'ৰ বয়স ৷ আজিৰে পৰা ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত-ৱেষ্ট ইণ্ডিজ টেষ্ট শৃংখলা ৷

এই টেষ্টখনতে অভিষেক ঘটিছে ১৮ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন ভাৰতীয় দলৰ অধিনায়ক পৃথ্বী শ্ব'ৰ ৷ আজিৰ প্ৰথমদিনাৰ খেলতে পৃথ্বী শ্ব'ৱে ৰচিলে ইতিহাস ৷ ৯৯টা বলত তিনিটা সংখ্যাৰ ৰাণ সংগ্ৰহ কৰি পৃথ্বী শ্ব'ৱে ৰচিলে অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয়ৰ অভিলেখ ৷

পৃথ্বী শ্ব'ৰ ঐতিহাসিক টেষ্ট শতক : অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেটৰ সৰ্বকনিষ্ঠ টেষ্ট শতৰাণকাৰী শচীন তেণ্ডুলকাৰৰ পিছতে এতিয়া পৃথ্বী শ্ব'ৰ নাম ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল আব্বাছ আলী বেইগৰ নামত ৷ তেওঁ ১৯৫৯ চনত মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে ২০ বছৰ ১৩১ দিনত অৰ্ধ শতকেৰে এই অভিলেখ গঢ়িছিল ৷

আনহাতে, বিশ্ব ক্ৰিকেটত মহম্মদ আশ্ৰাফুল (বাংলাদেশ, ১৭ বছৰ ৬১ দিন), হেমিল্টন মাছাকাডজা (জিম্বাবৱে', ১৭ বছৰ ৩৫২ দিন), ছেলিম মালিক (পাকিস্তান, ১৮ বছৰ ৩২৩ দিন)ৰ পিছত পৃথ্বী শ্ব' হ'ল চতুৰ্থগৰাকী টেষ্ট ক্ৰিকেটাৰ যিয়ে সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে শতৰাণ অৰ্জনৰ গৌৰৱ লাভ কৰে ৷

পৃথ্বী শ্ব'ৰ ঐতিহাসিক টেষ্ট শতক : অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ

উল্লেখ্য যে সৰ্বকনিষ্ঠ শতৰাণকাৰী টেষ্ট ক্ৰিকেটাৰ হিচাপে পৃথ্বী শ্ব' পৰিগণিত হয় সপ্তগৰাকী ক্ৰিকেটাৰ হিচাপে ৷ এই তালিকাত তেওঁতকৈ আগত আছে মহম্মদ আশ্ৰাফুল (বাংলাদেশ, ১৭ বছৰ ৬১ দিন), মোস্তাক মহম্মদ (পাকিস্তান, ১৭ বছৰ ৭৮ দিন), শচীন তেণ্ডুলকাৰ (ভাৰত, ১৭ বছৰ ১০৭ দিন), হেমিল্টন মাছাকাডজা (জিম্বাব'ৱে, ১৭ বছৰ ৩৫২ দিন), ইমৰাণ নাজিৰ (পাকিস্তান, ১ ৮বছৰ ১৫৪ দিন) আৰু ছেলিম মালিক (পাকিস্তান, ১৮ বছৰ ৩২৩ দিন) ৷

পৃথ্বী শ্ব'ৰ ঐতিহাসিক টেষ্ট শতক : অভিষেক টেষ্টত শতৰাণকাৰী সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ

আনহাতে, অভিষেক টেষ্টত শতৰাণৰ অভিলেখ সৃষ্টি কৰা পৃথ্বী হ'ল পঞ্চদশগৰাকী ভাৰতীয় খেলুৱৈ ৷ পৃথ্বী শ্ব'ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ হৈ টেষ্ট অভিষেকত শতৰাণ কৰা শেহতীয়া ক্ৰিকেটাৰগৰাকী আছিল ৰোহিত শৰ্মা ৷

ৰোহিত শৰ্মাই ২০১৩ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেই অভিষেক টেষ্টত শতৰাণৰ অভিলেখ সৃষ্টি কৰিছিল ৷

Your Comments