ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম জীয়াৰী হিমা দাসে। ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিলে অসমৰ হিমাই। ফিনলেণ্ডৰ টেম্পেৰে চহৰত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত ৰাৱাণ্ডা, আমেৰিকা, জামাইকাৰ
এথলীটক পৰাজিত কৰি দখল কৰে স্বৰ্ণ পদক। ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ প্ৰথম অসমৰ হিমা দাস। হিমাই তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰে ৫১.৪৬ ছেকেণ্ডত। হিমাৰ পিছত থাকি গ’ল কানাডা, ইটালী, জামাইকা, কেনিয়া, অষ্ট্ৰেলিয়া, আমেৰিকাৰ প্ৰতিযোগী। এছিয়া মহাদেশৰ একমাত্ৰ প্ৰতিযোগী হিমা, যিগৰাকী ৮জনীয়া ফাইনেলিষ্টৰ ভিতৰত আছিল। নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰীৰ সন্তান হিমা। এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা হিমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল এই প্ৰতিযোগিতা। কমনৱেলথ গেমছত অলপতে পদকৰ পৰা বঞ্চিত হোৱা হিমাই নিজৰ লক্ষ্য পূৰণ কৰিলে। দেশৰ এথলীট ইতিহাসত এক নতুন অভিলেখ গঢ়িলে অসমৰ হিমা দাসে।
- Log in to post comments
- 17 views