এটাৰ পিছত আন এটা ইতিহাস ৰচিত হ’ল ৰাছিয়া বিশ্বকাপত। ইংলেণ্ডক হৰুৱাই প্ৰথমবাৰৰ বাবে ফাইনেলত ক্ৰ’ৱেচিয়া। ২-১ গ’লত পৰাজিত হ’ল প্ৰাক্তন চেম্পিয়ন ইংলেণ্ড। অহা ১৫ জুলাই, দেওবাৰে ফাইনেল। ১৯৯৮ বিশ্বকাপ নিজ দেশলৈ নিয়া ফ্ৰান্সে ২০ বছৰ পাছত ফাইনেলত অৱতীৰ্ণ হ’ব। প্ৰতিদ্বন্দ্বী দল ক্ৰ’ৱেচিয়া। ১৯৯৮ চনত প্ৰথম বিশ্বকাপ খেলা ক্ৰ’ৱেচিয়াই ২০ বছৰ পাছত বিশ্বকাপৰ ফাইনেলত উপনীত হ’ল। অহা দেওবাৰে ফ্ৰান্সৰ ১০ হাজাৰ অনুৰাগী ৰাছিয়াত উপস্থিত হ’ব। লক্ষ্য বিশ্বকাপ দ্বিতীয়বাৰৰ বাবে নিজ ভূমিলৈ কঢ়িয়াই নিয়া।
- Log in to post comments
- 28 views