শিক্ষক দিৱসত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সম্বৰ্ধনা অনুষ্ঠান

 A

C

নিউজ ডেস্ক:
শিক্ষক দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ Food & Public Distribution অসম ৰাজ্যিক বৰ্ডে গুৱাহাটীস্হিত ভৰলুমুখৰ Heritage Public School ৰ অধ্যক্ষা গোপা মুখাৰ্জীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷পৰিষদৰ সভাপতি কৰণ কুমাৰ ভূঞাই সভাপতিত্ব কৰা সম্বৰ্ধনা সভাত উপস্থিত থাকি প্ৰাক্তন কমলপুৰ সমষ্টিৰ বিধায়ক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই ভাষণ প্ৰসংগত শিক্ষকসকলৰ মহান অৱদান আৰু আদৰ্শবোৰ দাঙি ধৰে । উল্লেখ্য যে , সভাখনত Heritage Public School ৰ সভাপতি শ্যামসুন্দৰ শৰ্মা আৰু অধ্যক্ষা গোপা মূখাৰ্জীয়ে পৰিষদৰ ভূয়সী প্ৰশংসা কৰে ৷সম্বৰ্ধনাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ সাধাৰণ সম্পাদক ভৱেশ বৈশ্যই ৷অনুষ্ঠানটিত পৰিষদৰ উপ সভাপতি বিকাশ আগৰৱালসহ সাংগঠনিক সম্পাদক হামিদুল ইছলাম ,যুটীয়া সম্পাদক ৰোণাল পোদ্দাৰ আদি উপস্হিত থাকে।

Your Comments

Related Articles