শ্বাসৰুদ্ধকৰ অন্তিমটো বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি এছিয়া কাপ দখল কৰিলে ভাৰতে । শুকুৰবাৰে অনুষ্ঠিত ফাইনেলত ভাৰতে বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে । এছিয়া কাপৰ ইতিহাসত ভাৰতৰ এয়া সপ্তম বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ সন্মান ।
প্ৰথমতে বেটিং কৰি বাংলাদেশে ৪৮.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২২২ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ হৈ লিটন দাসে সৰ্বাধিক ১২১ ৰাণ আৰু সৌম্য সৰকাৰে ৩৩ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ কুলদীপ যাদৱে ৪৫ ৰাণ দি ৩ টা আৰু কেদাৰ যাদৱে ৪১ ৰাণ দি ২ টা উইকেট দখল কৰে ।
প্ৰত্যুত্তৰত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই অন্তমটো বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ ৰোহিত শৰ্মাই ৪৮ ৰাণ আৰু দীনেশ কাৰ্তিকে ৩৭ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ ৰুবেল হুছেইনে ২৬ ৰাণ দি ২ টা আৰু মোস্তাফিজুৰ ৰহমানে ৩৮ ৰাণ দি ২ টা উইকেট দখল কৰে ।
- Log in to post comments
- 21 views