অসমৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ উদ্দেশ্যে আজি অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দল পাটনালৈ ৰাওনা হৈছে ৷
বিহাৰৰ মুখ্য মন্ত্ৰী তথা জে ডি (ইউ)ৰ মুৰব্বী আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠিত এন ডি এৰ অন্যতম অংশীদাৰ দলৰ নেতা নীতিশ কুমাৰক সাক্ষাৎ কৰি অগপৰ প্ৰতিনিধি দলটোৱে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী এই বিধেয়কখনৰ বিৰুদ্ধে সংসদৰ ভিতৰে-বাহিৰে সমৰ্থন জনোৱাৰ লগতে অসমৰ স্বাৰ্থত মাত মাতিবলৈ আহ্বান জনাব ৷
সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত আছে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ৷
ইতিমধ্যে অসম গণ পৰিষদে এই সম্পৰ্কত মহাৰাষ্ট্ৰৰ শিৱসেনাকে ধৰি কেইবাটাও আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেৰে আলোচনাত মিলিত হৈ অসমৰ জনসাধাৰণৰ স্বাৰ্থত এই হঠকাৰী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে ৷
- Log in to post comments
- 14 views