নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
মধ্য প্ৰদেশৰ জব্বলপুৰত অনুষ্ঠিত দশম ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত পুমছে আৰু ৩৭সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় কিউৰুগী চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈয়ে অনবদ্য প্ৰদৰ্শন আগবঢ়ায় ।
এই প্ৰতিযোগিতাখনিত অসমৰ ছোৱালীৰ দলটিয়ে সামগ্ৰিকভাৱে তৃতীয় স্থান অধিকাৰ কৰি আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ যোগতা অৰ্জন কৰে । পুমছেৰ ৩০ বছৰৰ অনূৰ্ধ্বৰ শাখাত অসমৰ মধু কুমাৰী, উন্মনা দাস আৰু হৰ্ষ সিঙে সোণৰ পদক জয় কৰে ।
পুমছেৰ ৩০ বছৰ ব্যক্তিগত শাখাত তাচীন বেগমে ৰূপ, ৬২ কি:গ্ৰা: অনূৰ্ধ্বত ৰেখাৰাণী গগৈয়ে ব্ৰঞ্জ আৰু ৭৩ কি:গ্ৰা: ঊৰ্ধ্বত ৰ'দালি বৰুৱাই সোণৰ পদক অৰ্জন কৰে ।
এই সাফল্যৰ বাবে অসম দলৰ সদস্যসকলক টাইকোৱানডো সন্থাই অভিনন্দন জ্ঞাপন কৰে ।
- Log in to post comments
- 12 views