কেৱল ৰামৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো সম্ভৱ নহয়৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ ক্ষমতালৈ ঘূৰাই আনিবলৈ সংখ্যালঘু ভোটো এতিয়া অতিকৈ প্ৰয়োজন হৈ পৰিছে বিজেপিৰ৷ সেই উদ্দেশ্যেই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মন জয় কৰিবলৈ দলটোৱে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ এই কুচকাৱাজৰ অংশ হিচাপেই অযোধ্যাৰ সৰযূ নদীৰ পাৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে সমূহীয়া কোৰাণ পাঠ আৰু নামাজ৷ আজি বৃহস্পতিবাৰে এই কোৰাণ পাঠৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব স্বয়ং উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ৷ নামাজ আৰু কোৰাণ পাঠত ভাগ ল’ব কমেও ১৫০০গৰাকী মৌলবী আৰু সংখ্যালঘু বুদ্ধিজীৱীয়ে৷ সংঘ পৰিয়ালৰ দ্বাৰা কোৰাণ পাঠ আৰু নামাজৰ এনে অনুষ্ঠান এক নজিৰবিহীন ঘটনা৷
ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছকে ধৰি বিভিন্ন দলে সংখ্যালঘু সম্প্ৰদায়ক তোষণ কৰি অহা বুলি দীৰ্ঘকাল ধৰি বিজেপি আৰু সংঘ পৰিয়ালে অভিযোগ কৰি আহিছে৷ সেই বিজেপি তথা সংঘ পৰিয়ালেই এতিয়া সংখ্যালঘুৰ মন জয়ৰ বাবে তৎপৰ৷ তাকো এই অনুষ্ঠানৰ আয়োজন কৰিছে তেওঁলোকে অযোধ্যাত৷ এই অযোধ্যাতেই সংঘ পৰিয়ালৰ কৰ সেৱকসকলে বাবৰি মছজিদ ধ্বংস কৰিছিল আৰু এতিয়াও সংঘ পৰিয়াল ধ্বংস কৰা সেই মছজিদৰ ঠাইত ৰামৰ মন্দিৰ নিৰ্মাণৰ বাবে সৰৱ হৈ আছে৷
উগ্ৰ হিন্দুত্ববাদী হিচাপে জনাজাত মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ ৰাজ্যত, বিশেষকৈ অযোধ্যাত এই অনুষ্ঠানৰ আয়োজন কৰিছে আৰ এছ এছৰ সংখ্যালঘু শাখা সংগঠন ‘ৰাষ্ট্ৰীয় মুছলিম মঞ্চ’ই৷ মুখ্য মন্ত্ৰী আদিত্য নাথ আৰু তেওঁৰ চৰকাৰে অনুষ্ঠানৰ আয়োজনত পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷ অনুষ্ঠানত মুখ্য মন্ত্ৰী আদিত্য নাথৰ উপৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শীৰ্ষ নেতা মুৰাৰি দাসো উপস্থিত থাকিব৷ ৰাষ্ট্ৰীয় মুছলিম মঞ্চৰ নেতা ৰাজা ৰিজভিয়ে সাংবাদিকক কয়, “মৌলৱী আৰু মুছলিম বুদ্ধিজীৱীসকলে সৰযূ নদীৰ পানীত ‘অজু’ কৰিব৷ তাৰপিছত তেওঁলোকে দেশত শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্বৰ লক্ষ্যৰে নামাজ পঢ়িব৷ নামাজৰ পিছত হ’ব কোৰাণ পাঠ৷”
নিৰ্বাচনী দায়িত্ব যে কিমান ডাঙৰ সেয়া সংঘ পৰিয়ালৰ দ্বাৰা অযোধ্যাত আয়োজিত এই কোৰাণ পাঠৰ অনুষ্ঠানেই স্পষ্ট কৰি দিছে৷ ইতিমধ্যেই সমগ্ৰ দেশব্যাপি কেন্দ্ৰৰ শাসক দল বিজেপিৰ জনসমৰ্থন ব্যাপকভাৱে হ্ৰাস পাই আছে৷ ফলত বিজেপি আৰু সংঘ পৰিয়ালৰ শীৰ্ষ নেতাসকল বাৰুকৈ শংকিত হৈ পৰিছে৷ সেই কাৰণেই এতিয়া কেৱল ৰাম মন্দিৰৰ ইছ্যুৰে উদ্দেশ্য পূৰণ হোৱাৰ আশা নাই৷ সৰযু নদীৰ ‘হৰি কি পৈৰী’ ঘাটত সেই কাৰণেই সংখ্যালঘু সম্প্ৰদায়ৰ মন জয়ৰ লক্ষ্যেৰে এই কোৰাণ পাঠৰ বৃহৎ আয়োজন৷
- Log in to post comments
- 333 views
