
নিউজ ডেস্ক:
নলবাৰী জিলাৰ ধমধমাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিতাৰাত আজি পুৱা ১০ মান বজাত এক ভুমি বিবাদক লৈ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ বালিতাৰত মাটিৰ সীমা বিবাদক কেন্দ্ৰ কৰি হোৱা এক কাজিয়াৰ ফলত অৰূপ কলিতা নামৰ যুৱক এজন নিহত হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং বালিতাৰা গাঁৱ নিৱাসী তথা আনন্দ কলিতাৰ পুত্ৰ অৰূপ কলিতা(২৭) আৰু সম্পৰ্কীয় খুড়াক তথা ৰাজহ চক্ৰ বিভাগৰ চৰকাৰী কৰ্মচাৰী মথুৰা কলিতা(৫৭)ৰ মাজত দীৰ্ঘদিন ধৰি বাৰী বস্তীৰ মাটিৰ সীমাত মাটি পোতাক লৈ অৰূপ কলিতাৰ সৈতে কিছু কাজিয়াৰ সুত্ৰপাত হৈছিল। যাক লৈ আজিও পুৱা ১০ মান বজাত দুয়োৰে মাজত তীব্ৰ বাক যুদ্ধ হয়।কিন্তু বাক যুদ্ধ ইমানেই তীব্ৰতাৰ হয় যে অৰূপ কলিতাক খুড়াক মথুৰা কলিতাই চোকা অস্ত্ৰৰে পিচ পিনৰ পৰা ডিঙি আৰু পিঠিত ঘপিওৱাৰ ফলত অৰূপ উক্তস্থানতে বাগৰি পৰে। লগে লগে পৰিয়াল আৰু স্থানীয় লোকে অৰূপ কলিতা নলবাৰীৰ চিকিৎসালয়লৈ নিয়ে যদিও তাতে তেওঁৰ মৃত্যু হয়।ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মথুৰা কলিতাক আটক কৰিবলৈ সক্ষম হয়।সম্প্ৰতি অঞ্চলটোত উক্ত ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে।ইফালে হত্যাকাৰী মথুৰা কলিতাই আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ আগত নিহত যুৱক নাম অৰূপ কলিতাক হত্যা কৰা নাই বুলি মন্তব্য কৰিছে।ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে হত্যাকাৰী মথুৰা কলিতাক আটক কৰি থানালৈ আনি মাৰাথান জেৰা অব্যাহত ৰাখিছে।
- Log in to post comments
- 7 views