২০১৯ৰ নিৰ্বাচনত দেশৰ বিৰোধী শিবিৰৰ মুখপাত্ৰ হ'ব কানহাইয়া কুমাৰ

২০১৯ৰ নিৰ্বাচনত দেশৰ বিৰোধী শিবিৰৰ মুখপাত্ৰ হ'ব কানহাইয়া কুমাৰ

বিজেপিৰ ৰাজনীতিক আঘাত কৰাৰ বাবে দেশৰ বিৰোধী শক্তিয়ে এইবাৰ এজন যুৱ নেতাক সন্মুখলৈ আনিব ৷ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা, শক্তিশালী বক্তা, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সন্মুখৰ পৰা সমালোচনা কৰিব পৰা যুৱ নেতা কানহাইয়া কুমাৰ ৷

বিহাৰৰ বেগুচৰাইৰ পৰা ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় হ'ব কানহাইয়া কুমাৰ ৷ বিহাৰৰ চি পি আই দলৰ ৰাজ্যিক সম্পাদক সত্যনাৰায়ণ সিঙে কানহাইয়া কুমাৰক প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে ৷

২০১৯ৰ নিৰ্বাচনত দেশৰ বিৰোধী শিবিৰৰ মুখপাত্ৰ হ'ব কানহাইয়া কুমাৰ

কংগ্ৰেছ আৰু আৰ জে ডি দলৰ লগত চি পি আয়ে আলোচনা কৰিছে ৷ আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱে কানহাইয়া কুমাৰক উপযুক্ত প্ৰাৰ্থী হ'ব বুলি মত প্ৰকাশ কৰিছে ৷ বিজেপিক প্ৰতিৰোধ কৰাৰ বাবে বিহাৰৰ গৃহভূমি বেগুচৰাইৰ পৰা কানহাই য়াকুমাৰক দেশৰ ৰাজনীতিৰ সন্মুখৰ শাৰীলৈ অনাৰ বাবে চি পি আই, কংগ্ৰেছ আৰু আৰ জে ডিয়ে ঐক্যবদ্ধভাৱে ৰণকৌশল প্ৰস্তুত কৰিছে ৷

২০১৯ৰ নিৰ্বাচনত দেশৰ বিৰোধী শিবিৰৰ মুখপাত্ৰ হ'ব কানহাইয়া কুমাৰ

বেগুচৰাই সমষ্টিৰ পৰা ২০১৪ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ভোলা সিঙে আৰ জে ডিৰ প্ৰাৰ্থী তনভীৰ হাচানক ৫৮,০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ৷ বিজেপিৰ বিৰুদ্ধে জনমত গঠন কৰাৰ বাবে বিৰোধী শক্তিৰ অন্যতম মুখপাত্ৰ তথা বক্তা হ'ব কানহাইয়া কুমাৰ ৷

২০১৯ৰ নিৰ্বাচনত দেশৰ বিৰোধী শিবিৰৰ মুখপাত্ৰ হ'ব কানহাইয়া কুমাৰ

দেশৰ ৩৫ বছৰৰ তলৰ যুৱক-যুৱতীসকলেই নিৰ্বাচনত মুখ্য ভূমিকা পালন কৰে ৷ ৬৫ শতাংশ ভোটাৰ ৩৫ বছৰৰ তলৰ ৷ ৰাজনৈতিক দলসমূহৰ লক্ষ্য এই যুৱ ভোটাৰসকল ৷

এই দিশটোক লক্ষ্য ৰাখিও যুৱ নেতা কানহাইয়া কুমাৰক বিজেপিবিৰোধী শিবিৰলৈ অনাটো প্ৰয়োজন হৈ পৰিছে দেশৰ বিৰোধী শক্তিৰ ৷

Your Comments