সাংসদ দিলীপ শইকীয়াৰ গৃহগাঁৱত ৰাজহুৱা পুখুৰী সৌন্দৰ্য্যবৰ্ধন আঁচনিত ঠিকাদাৰৰ লুণ্ঠন

 A

 

নিউজ ডেস্ক:

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা সাংসদ দিলীপ শইকীয়াৰ গৃহগাওঁ ঘগ্ৰাপাৰৰ পুৰ্ণকামদেৱত এটা ৰাজহুৱা পুখুৰী সৌন্দৰ্য্যবৰ্ধন কৰা আঁচনিৰ নামত ঠিকাদাৰ গৰাকীয়ে ব্যপক হাৰত লুন্ঠন চলোৱা বুলি চৰ্চিত হৈছে।অতি আশ্চৰ্যৰ বিষয় যে কোটি টকীয়া উক্ত আঁচনিখন ৰূপায়ন কৰাৰ নামত ঠিকাদাৰগৰাকীয়ে ইমানে নিম্নমানৰ কাম কৰে যে আঁচনিখন উদ্বোধনৰ ডেৰমাহ পিছতে পুখুৰীটোৰ এখন গাৰ্ডৱাল কালিৰ এজাক বৰষুণতে তাচপাতৰ দৰে সম্পূৰ্ণৰূপে খহি পৰাৰ ফলত বিষয় সন্দৰ্ভত অঞ্চলটোৰ ৰাইজৰ মাজত বৰ্তমানেও চৰ্চা অব্যাহত আছে। 
উল্লেখ্য যে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অনুদান দিয়া ২৫ লাখ টকা আৰু আনটাইড পুজিৰ জড়িয়তে লাভ কৰা প্ৰায় ৭৫ লাখ টকাৰে পুৰ্ণকামদেৱ গাঁওৰ ৰাজহুৱা পুখুৰীটোৰ সৌন্দৰ্য্যবৰ্ধন আঁচনিৰ কাম প্ৰায় ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল। প্ৰায় দুইবিঘা মাটিকালিৰে পৰিবেষ্টিত পুখুৰীটোৰ গাৰ্ডৱাল , ফেঞ্চিং,মাটিপোটা, ইলেক্ট্ৰিফিকেচন,আদি কাম কৰিব লগা আচনিখন ৰূপায়ন কৰাৰ দায়িত্ব লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ ৰিতুল শইকীয়াই। উল্লেখ্য যে উক্ত ঠিকাদাৰগৰাকী সাংসদ দিলীপ শইকীয়াৰ অতি ঘণিষ্ঠ আৰু বিশ্বস্ত বুলি ৰাইজৰ মাজত পৰিচিত হৈ আহিছে। অতি মন কৰিবলগা যে সাংসদ দিলীপ শইকীয়াই নিজ গৃহগাওঁৰ আচনিখন সফলভাৱে ৰূপায়ন হোৱাৰ স্বাৰ্থত তেওঁৰ ঘণিষ্ঠ ৰিতুল শইকীয়াক দায়িত্ব অৰ্পণ কৰিছিল যদিও এইগৰাকী ঠিকাদাৰে সাংসদগৰাকীৰ সপোন চুৰমাৰ কৰা বুলিহে ৰাইজে অভিযোগ তুলিছে। দিলীপ শইকীয়াক আৰু স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ৰিতুল শইকীয়াই অতি নিম্নমানৰ কাম কৰি কোটি টকীয়া আঁচনিখনত অবাধ লুণ্ঠন চলাই যোৱা বুলি ৰাইজে অভিযোগ তুলিছে। ফলত কালি হৈ যোৱা এজাক বৰষুণতে পুখুৰীটোৰ উত্তৰ দিশত গাৰ্ডৱালখন সম্পূৰ্ণৰূপে খহি পৰে। পুখুৰীটো সৌন্দৰ্য্যবৰ্ধনৰ নামত কালিৰ এনে অবাঞ্চিত ঘটনাই ইতিমধ্যে ৰাইজক ক্ষোভিত কৰি তুলিছে। উল্লেখ্য যে যোৱা ৬ মাৰ্চত সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত উক্ত আচনিখন অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকাই উদ্বোধন কৰিছিল।

Your Comments

Related Articles