পহিলা ব'হাগৰ দিনা পাঁচগৰাকী বয়োজ‍্যেষ্ঠ ব্যক্তিৰ ঘৰে ঘৰে গৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সম্বৰ্ধনা

 A

নিউজ ডেস্ক:

 
পহিলা ব'হাগৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ পাঁচ গৰাকী বয়োজেষ্ঠ ব্যক্তিক যুৱ ছাত্র পৰিষদে ফুলাম গামোচা,জাপি, মানপ্ৰত্ৰ আদিৰে সম্বৰ্ধনা জনায়।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পিয়াৰ আলী,অৱৰপ্ৰাপ্ত বেংক কৰ্মচাৰী দেবেন শৰ্মা, অৱৰপ্ৰাপ্ত শিক্ষক ইন্তাজুৰ ৰহমান, অৱসৰপ্ৰাপ্ত স্বাস্থ্য পৰিৰ্শীতা বীণা পাটগিৰি, বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক ভৱেন বড়ো আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা যুৱ ছাত্ৰ পৰিষদে  ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা লগতে আশীষ লয়।ঘগ্ৰাপাৰ যুৱ ছাত্র পৰিষদৰ উপদেষ্টা চফিকুৰ ৰহমান, সভাপতি চৰিফুল আলী,সাধাৰণ সম্পাদক ৰাকিব আহমেদ,নলবাৰী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক ইন্টাজ হুছেইনসহ এটি বিহু দলে উক্ত ব‍্যক্তি সকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে হুঁচৰি গোৱা পৰিলক্ষিত হয়। উল্লেখ‍্য যে যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে পহিলা বহাগত উক্ত কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে।

Your Comments