নাগৰিকত্ব বিধেয়কৰে ভাৰতৰ সংবিধানত আক্ৰমণ : চিপিআই(এম)ৰ ক্ষোভ

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চি পি আই(এম)ৰ সংবাদমেল।

অসমৰ জ্বলন্ত সমস্যা নাগৰিকত্ব সংশোধনী (বিধেয়ক)২০১৬ৰ বিৰোধিতা কৰি আজি চি পি আই (এম) দলে ৰঙিয়াৰ মুখ্য কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰে।সংবাদমেলত দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক দেৱেন ভট্টাচাৰ্যই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।তেখেতে কয় যে উক্ত বিধেয়কখনেৰে ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ চলোৱা হৈছে।যিটো সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বাৰা অসমৰ বহু পুৰণি সমস্যা সমাধানৰ পথ মুকলি হৈছে, সেই সময়তে বি জে

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চি পি আই(এম)ৰ সংবাদমেল।

পি দলে এই বিধেয়কখনৰ জৰিয়তে ৰাইজৰ মাজত বিভেদৰ সৃষ্টি কৰি শান্তি ভংগ কৰাৰ চেষ্টা চলাইছে।যদি বিধেয়কখন গৃহীত হয় তেতিয়াহলে অসমৰ জনগাঁথনিত প্ৰভাৱ পৰাৰ লগতে আৰ্থিক, সামাজিক সকলো দিশতে প্ৰভাৱ পৰিব।নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কংগ্ৰেছ, এ আই ইউ ডি এফ, অগপ  সকলো দলে ৰাজনীতি কৰা বুলি কয়। তেওঁ অসমৰ পৰিস্থিতিক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে সকলোকে শান্তি অটুট ৰাখিবলৈও আহ্বান জনায়

   অখিল গগৈৰ অৰ্কিড উদ্যানখনত হ’বলগীয়া উচ্ছেদৰ বিৰোধিতা কৰি তেখেতে কয় যে এনেকুৱা উদ্যানে অসমৰ উপকাৰ কৰিছে। অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে চৰকাৰে আক্ৰোশমূলকভাৱে উদ্যানখন উচ্ছেদ কৰিবলৈ ওলোৱা বুলি তেওঁ ক্ষোভ উজাৰে।

Your Comments