১ নৱেম্বৰৰ পৰা কলীয়াভোমোৰাৰ দ্বিতীয়খন দলঙেৰে আৰম্ভ হ’ব যাতায়ত

 A

 

নিউজ ডেস্ক:
চাৰিলেনযুক্ত পথৰ প্ৰকল্পৰ অধীনত তেজপুৰ-নগাঁও সংযোগী স্থানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে দ্বিতীয়খন দলং।আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বেই মঙলবাৰ অৰ্থাৎ ১তাৰিখৰ  পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলঙেৰে যাতায়ত আৰম্ভ হ’ব।উল্লেখ্য যে ,তেজপুৰস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলনকক্ষত বিয়লি ৪-৩০ বজাত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। গুৰুত্বপূৰ্ণ কথা এই যে,যোৱা ৩৫বছৰে ব্যৱহাৰ হোৱা পুৰণি কলিয়াভোমোৰা দলংখন মেৰামতিৰ বাবে পহিলা নৱেম্বৰৰ পৰা বন্ধ ৰখা হ’ব।

Your Comments