PFIক নিষিদ্ধ প্ৰসংগত বিধায়ক ৰফিকুল আৰু সাংসদ খালেকৰ মন্তব্য পঢ়ক

A

নিউজ ডেস্ক:

"অকল PFIকে নহয়, বজৰং দল-বিশ্ব হিন্দু পৰিষদৰ দৰে উগ্ৰ সংগঠনকো নিষিদ্ধ কৰক।তদন্ত চলি থকা অৱস্থাত PFIক নিষিদ্ধ কৰা ঘটনাই বহুতৰ বুজাত টান হৈছে"- এই মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।কেন্দ্ৰীয় চৰকাৰে PFIক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা প্ৰসংগত AIUDF দলৰ বিধায়ক গৰাকীয়ে কয়-“ তদন্ত কাৰী সন্থাই নিশ্চয় কিবা তথ্য লাভ কৰিছে।বৰ্তমান ন্যায়িক ব্যৱস্থাত আছে বিষয়টো, গতিকে বেছিকৈ নকওঁ।”

ইফালে PFIক দেশত নিষিদ্ধ কৰা সন্দৰ্ভত কংগ্রেছী সাংসদ আব্দুল খালেকে কয়- যিসমূহ সংগঠন দেশ  বিৰোধী কাৰ্যকলাপত জড়িত সেইসমূহক বন্ধ কৰিব লাগে।PFIক নিষিদ্ধ কৰাৰ আগতেই RSSকো দেশত নিষিদ্ধ কৰা হৈছিল।আনহাতে PFIক নিষিদ্ধ কৰাৰ আগতে যিসকল ইয়াৰ লগত জড়িত আছিল সেই সকল দোষী নহয়।

Your Comments