সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ অভিযোগত গুৱাহাটীত সংবাদমেল

A

নিউজ ডেস্ক:

সদৌ অসম একত্ৰিত যুৱ পৰিষদ আৰু দেউৰী পিপ'ল জাষ্টিছ ফ'ৰামৰ যুটীয়া সংবাদমেল।ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত হোৱা কেইবাটাও কেলেংকাৰী সন্দৰ্ভত সংবাদমেল।

সমাজকল‍্যাণ বিভাগে ২০১৯ -২০বৰ্ষত ১৮০ কোটি টকা মোকলাই দিছিল।কিন্তু এই নিবিদাৰ কোনো বিজ্ঞাপন নিদি কেৱল কেইখনমান ফাৰ্মকহে প্ৰদান কৰা হৈছিল।

নিবিদাৰ মূল‍্য নিৰ্ধাৰণৰ বাবে এখন State level purchase committee গঠন কৰা হৈছিল।কমিটীৰ অধ‍্যক্ষ আছিল সেইসময়ৰ সমাজ কল‍্যাণ বিভাগৰ সঞ্চালক দেৱলা দেৱী চৌধুৰী।কমিটীখনেই ৰাজ্যৰ অংগনাৱাড়ী কেন্দ্রৰ কণ কণ শিশুসকলৰ ব‍াবে কেতবোৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিছিল।কিন্তু সামগ্ৰী সমূহৰ মূল্য খুচুৰা বজাৰ মূল‍্যতকৈ ৪০০গুণতকৈ অধিক আছিল।য'ত ১দিস্তা কাগজৰ নামত ৬১০ টকাকৈ ধৰা হৈছিল।এখন ১ টকীয়া চামুচ ১৬৫ টকাত ক্ৰয় কৰিছিল।কেৱল চামুচৰ নামতেই ১১কোটি টকা নিবিদা দিয়া হৈছিল।এটা ৮০০ টকাৰ কেৰাহীৰ বাবদ ২৮১০ টকাকৈ ধৰা হৈছিল।এটা চচপেনৰ নামত ২২০৫ টকাকৈ নিৰ্ধাৰণ কৰিছিল- অভিযোগ সংগঠন দুটাৰ নেতৃত্বৰ।আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰি সংগঠন দুটাই সমাজ কল্যান বিভাগৰ এই ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে।

Your Comments