আজি সমুখ সমৰত ইংলেণ্ড-ক্ৰ'ৱেচিয়া

আজি সমুখ সমৰত ইংলেণ্ড-ক্ৰ'ৱেচিয়া

যুঁজি যুঁজি বিশ্বকাপ ২০১৮ৰ পৰা আঁতৰিবলগা হ’ল বেলজিয়াম৷ ফুটবল বিশেষজ্ঞসকলৰ দৃষ্টিত বিশ্বকাপৰ ১নং ফেভাৰিট দল ফ্ৰান্সৰ হাততেই ছেমি ফাইনেলত ১-০ গ'লত পৰাজিত হ’বলগা হ’ল বেলিজয়াম৷ প্ৰত্যাশিতভাৱেই ফাইনেলত উপনীত হ'ল ফ্ৰান্স৷ আজি নিশা ১১.৩০ বজাত বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল৷ সমুখ সমৰত ইংলেণ্ড আৰু ক্ৰ'ৱেচিয়া৷ ফিফাৰ ৰেংকিঙত ক্ৰ'ৱেচিয়া ২০ নম্বৰত৷ ৭ নম্বৰ ৰেংকিঙত থকা ইংলেণ্ডৰ লক্ষ্য ফাইনেল৷ ছুইডেনক পৰাজিত কৰি ইংলেণ্ডে ছেমি ফাইনেলত অতি দৃঢ়তাৰে সন্মুখীন হ’ব ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে৷ সুপৰিকল্পিত ৰণনীতিৰ অবিহনে ক্ৰ’ৱেচিয়াক পৰাভূত কৰাটো ইংলেণ্ডৰ বাবে সহজ নহয়৷ যুদ্ধবিধ্বস্ত এখন দেশ ক্ৰ’ৱেচিয়া৷ ১৯৯১ চনত যুগোশ্লাভিয়াৰ পৰা স্বাধীনতা লাভ কৰা এইখন দেশে ১৯৯৮ চনৰ ফ্ৰান্স বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ বাবে যিটো আজিও এক সপোন৷ আৰ্জেণ্টিনাক এইবাৰ ৩-০ গ'লত পৰাজিত কৰি ক্ৰ’ৱেচিয়াই দেখুৱালে যে যুদ্ধৰ মা্জত থাকিও তেওঁলোকে বিশ্বকাপ নিজ দেশলৈ নিয়া সপোন দেখিব পাৰে৷ ইংলেণ্ডক সহায় কৰিব অভিজ্ঞতাই৷ একো নাথাকিলেও ফুটবলত অভিজ্ঞতাই বহু সহায় কৰে৷ দ্বিতীয়বাৰ বিশ্বকাপ নিজ ভূমিলৈ নিয়াৰ বাবে সকলো শক্তিৰ লগতে দক্ষতা আৰু অভিজ্ঞতা থাকিলেহে লক্ষ্যত উপনীত হোৱাটো সহজ হৈ পৰে৷

Your Comments