পূৰ্ব কংগ্ৰেছীৰ দুৰ্নীতিত ভাগ মই কিয় লম- দেৱব্ৰত শইকীয়া

A

নিউজ ডেস্ক:
'কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল যদি ইয়াৰ লগত জড়িত সকলহে দোষী।দস্যু ৰত্নাকৰেও পাপ কৰিছিল কিন্তু এই পাপৰ ভাগ ঘৰ-পৰিয়ালে লোৱা নাছিল।গতিকে আগৰ কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ ভাগ মই কিয় লম"- এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

আৰক্ষী দায়বদ্ধতা কমিটি সংশোধনী আইনখন আমি বিচাৰিছিলো বিধেয়ক নিৰ্বাচিত কমিটিলৈ পঠোৱাটো। কিন্ত আমাৰ প্ৰস্তাৱ নাকচ কৰা হ’ল।যি আঠটা শ্ৰেণীৰ লোক কমিটিত ৰখা হৈছে এই শ্ৰেণীৰ এটাও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নাই- শইকীয়াই কয়।

আনহাতে অসম চুক্তি প্ৰসংগত শইকীয়াই কয়- অসমত ইনাৰ লাইন পাৰ্মিতৰ ব্যৱস্থা কৰিব লাগে।

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা বঞ্চিত কৰা প্ৰসংগত শইকীয়াই কয়-অসমৰ ছয় জনগোষ্ঠীক নিৰ্বাচনৰ আগতে জনজাতিকৰণ কৰা হ’ব বুলি টোপ দিয়া হ’ল।

Your Comments