
নিউজ ডেস্ক:
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে অমৃত সৰোবৰ নাম এটা অভিলাষী আঁচনিৰ আধাৰশিলা সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডত স্থাপন কৰা হয়।এই উপলক্ষে আজি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত দিহজাৰী গাঁও পঞ্চায়তৰ এলেকাধীন সাগৰকুছিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই আঁচনিৰ আধাৰশিলা স্থাপন কৰে।পাটোৱাৰীয়ে ভাষণত এই সৰোবৰ সমুহৰ জৰিয়তে ৰাজ্যত জল সংৰক্ষণ, মীন পালন আৰু মুল্যবান বৃক্ষ ৰোপণ কৰি অৰ্থনৈতিক উন্নয়ন সাধনত অৰিহণা যোগাব বুলি সদৰী কৰে।
বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত গীতগমণি ফুকন, নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ড০ জয়ন্ত গোস্বামী ,জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বড়িগোগ বনভাগ মণ্ডল বিজেপি সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মণিষা কলিতা,দিহজাৰী গাঁও পঞ্চায়তৰ সভাপতি দিপক কলিতা, বিজেপি মণ্ডল যুৱ মৰ্চাৰ সভাপতি হৰেশ্বৰ দাস আদিয়ে।ইয়াৰ পিছতে পঞ্চায়তখনৰ অন্তৰ্গত বৈশ্য চুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ এটাৰো মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰে।
- Log in to post comments
- 48 views