মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আঁভুৱা-ভাৰিছে অমিত শ্বাহে : হৰিশ ৰাৱট

মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আঁভুৱা-ভাৰিছে অমিত শ্বাহে : হৰিশ ৰাৱত

শনিবাৰে ছত্তিশগড়ৰ ৰাইপুৰত এখন জনসভাত বিজেপি দলৰ সভাপতি অমিত শ্বাহে সম্পূর্ণ ভিত্তিহীন আৰু মিছা কথাৰে অসমৰ এন আৰ চি উন্নীতকৰণৰ সম্পর্কত দেশৰ জনগণক আঁভুৱা-ভাৰি ভুল ব্যাখ্যা কৰিব বিচৰা কাৰ্যক প্ৰদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটে তীব্র নিন্দা কৰিছে ।

উল্লেখ্য যে বিজেপি সভাপতিয়ে অসমত এন আৰ চিৰ গোটেই কাম তেওঁলোকে কৰি ৪০ লাখ অবৈধ অনুপ্ৰৱেশকাৰী প্ৰথম দৃষ্টিতে (prima facie) চিনাক্ত কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰিছিল ।

বিজেপি সভাপতিগৰাকীৰ এই বক্তব্য অত্যন্ত তৰল, লজ্জাজনক আৰু দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে হৰিশ ৰাৱটে । তেওঁ কয়, এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কেন্দ্রত ইউ পি এ চৰকাৰ আৰু অসমত কংগ্রেছ চৰকাৰৰ দিনতে ২০০৫ চনত আছুৰ লগত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু পৰ্যায়ক্ৰমে কংগ্রেছ চৰকাৰৰ দিনতে প্ৰায় ৮০ শতাংশ কাম সম্পূর্ণ হৈছিল ।

মিছা কথাৰে অসমৰ এন আৰ চি সম্পর্কে দেশবাসীক আঁভুৱা-ভাৰিছে অমিত শ্বাহে : হৰিশ ৰাৱত

অসমৰ ৰাইজ এইবিষয়ে অৱগত । ইয়াৰোপৰি অমিত শ্বাহে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত অসমত ৪০ লাখ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত হৈছে বুলি কি যুক্তিত বক্তব্য ৰাখিছে বুলিও প্ৰশ্ন কৰে ৰাৱতে ৷

বৰ্তমানলৈকে কোনো সাংবিধানিক কৰ্তৃপক্ষই এই ৪০ লাখ লোকক বিদেশী বুলি ৰায়দান দিয়া নাই । তাৰোপৰি দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এই উন্নীতকৰণ প্ৰক্ৰিয়াত ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যি ৪০ লাখ নাগৰিকৰ নাম দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহ'ল তেওঁলোকে অহা ২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ তথ্য-প্ৰমাণ দি নামভর্তিৰ বাবে আবেদন কৰিব পাৰিব ।

গতিকে কিহৰ ভিত্তিত বৰ্তমানলৈকে ভাৰতীয় নাগৰিক হিচাপে অসমত বসবাস কৰি থকা  ৪০ লক্ষ নাগৰিকক অমিত শ্বাহে অবৈধ অনুপ্ৰৱেশকাৰী আখ্যা দিবলৈ সাহস কৰিলে বুলিও কংগ্ৰে ছনেতাজনে উভতি ধৰে ৷

অমিত শ্বাহে এনে বক্তব্যৰে মাথোঁ প্ৰকৃত ভাৰতীয় নাগৰিককে অপমান কৰা নাই, মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অপমান কৰিছে বুলিও হৰিশ ৰাৱতে মন্তব্য কৰে । ভৱিষ্যতে এনেদৰে গোকাট মিছা তথা ভিত্তিহীন বক্তব্যৰে দেশৰ জনগণক ভুল পথে পৰিচালিত নকৰিবলৈ আৰু অপমান নকৰিবলৈ সকীয়াই দিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে । 

আনহাতে, প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই অমিত শ্বাহৰ বক্তব্য সন্দৰ্ভত কয় যে খোদ বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কেইদিনমানৰ আগতে সংবাদমেল সম্বোধন কৰি কৈছিল যে এন আৰ চি উন্নীতকৰণৰ বহু আসোঁৱাহ ৰৈ গৈছে আৰু যাৰবাবে খোদ বিজেপি দলৰে বহুসংখ্যক নেতা-কৰ্মীৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত নহ'ল ।

লগতে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল । গতিকে অমিত শ্বাহক প্ৰশ্ন কৰিব বিচাৰোঁ যে বিজেপি দলৰ নেতা-কৰ্মীসকল অবৈধ অনুপ্ৰৱেশকাৰী নেকি ? 

কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াইও অমিত শ্বাহৰ বক্তব্যক তীব্র নিন্দা কৰি এটা ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সভাপতিৰ মুখত এনে ভিত্তিহীন আৰু তৰল মন্তব্য শোভা নাপায় বুলি অভিহিত কৰে ।

তেখেতে লগতে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ নামভর্তিৰ বাবে আবেদন-পত্ৰ গ্রহণৰ সময়ত প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিককে কংগ্রেছ দলে সহায়ৰ হাত আগবঢ়াই যাব ।

আমাৰ লক্ষ্যই হৈছে কোনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ নপৰে আৰু কোনো বিদেশীৰ নাম যাতে এন আৰ চিত অন্তভুর্ক্ত নহয় তাৰ ব্যৱস্থা কৰা বুলি শইকীয়াই মত ব্যক্ত কৰে । 
 

Your Comments