অসমৰ শক্তিশালী আঞ্চলিক দল AIUDF- ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

"অহা ২৪লৈ কংগ্ৰেছে এৰিলেও বিজেপিক এৰি নিদিয়ে AIUDFয়ে।ভূপেন বৰাই পথাৰখন এৰি দিব ওলাইছে।এয়া হ'ব কংগ্ৰেছৰ বাবে আত্মঘাতী সিদ্ধান্ত"-এই মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।
ইফালে ৰাষ্ট্ৰীয় পতাকাৰ নামত বেপাৰ কৰিছে বিজেপিয়ে ।ফাঁচী বজাৰত পতাকাক কেন্দ্ৰ কৰি চলিছে ক'লা বজাৰ।চীনৰ পৰা পতাকা আমদানিৰ সন্দেহ AIUDFৰ বিধায়ক ইছলামৰ।চীনৰ পৰা পতাকা আহিছে নেকি তাৰো মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব লাগে- এআইইউডিএফৰ বিধায়ক গৰাকীয়ে এইদৰে কয়।

আনহাতে বিজেপি-এজিপি একাকাৰ।আঞ্চলিক দলক গিলি পেলাইছে বিজেপিয়ে।নীতিশ কুমাৰ বুধিয়ক বাবে বিজেপিয়ে নোৱাৰিলে।অসমত একমাত্ৰ শক্তিশালী আঞ্চলিক দল AIUDF।AIUDFৰ সৈতে বিৰোধী ঐক্য শক্তিশালী কৰাৰ আহ্বান- ইছলামৰ।

Your Comments