হাফলঙত অগপৰ বিশাল কৰ্মী সমাৱেশ

হাফলঙত অগপৰ বিশাল কৰ্মী সমাৱেশ

পাহাৰীয়া জিলা ডিমা-হাচাওত আঞ্চলিক দল অসম গণ পৰিষদে আজি নিজৰ সাংগঠনিক স্থিতি পুনৰ শক্তিশালী ৰূপত প্ৰতিপন্ন কৰিলে। আজি হাফলঙত অনুষ্ঠিত দলটোৰ এখন বিশাল কৰ্মী সমাৱেশত অংশগ্ৰহণ কৰি দলটোৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী আৰু ভাষা-ভাষী লোকৰ সকলো ধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ হ’লে অসম গণ পৰিষদৰ বিকল্প নাই। শক্তিশালী আঞ্চলিকতাবাদেহে ৰাজ্যখনত সকলোৰে মাজত সমবিকাশ আৰু সমোন্নয়ন সাধন কৰিব পাৰে বুলি উল্লেখ কৰি পাহাৰীয়া জিলাখনৰ দ্ৰুত উন্নয়নত গুৰুত্ব আৰোপ কৰে। ৰাজ্যখনৰ অন্যান্য অংশৰ লগতে ডিমা-হাচাওৰ ৰাইজেও বিভিন্ন সমস্যাৰে যুঁজ দি আহিবলগা

হাফলঙত অগপৰ বিশাল কৰ্মী সমাৱেশ হৈছে বুলি মন্তব্য কৰি দলটোৱে জিলাখনৰ ৰাইজৰ কাষত থাকি দায়িত্ব পালন কৰি যাব বুলি ঘোষণা কৰে। সভাপতি বৰাই লগতে কয় যে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ বাবে ভাবুকিস্বৰূপ অবৈধ বাংলাদেসীৰ প্ৰব্ৰজন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পাহাৰ-ভৈয়াম সকলো ঐক্যবদ্ধ হোৱাৰ সময়। উন্নয়নৰ পুঁজিৰ সঠিক ব্যৱহাৰেহে বিকাশৰ মাত্ৰা প্ৰদান কৰিব বুলি মত ব্যক্ত কৰি দলটো শক্তিশালী কৰাত সকলোৰে সহযোগিতা কামনা কৰে। সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে জিলাখনৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ হাতত ক্ষমতা অৰ্পণত গুৰুত্ব আৰোপ কৰে।মহন্তই দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দল হিচাপে অসম গণ পৰিষদ দলৰ পতাকাৰ তলত সমবেত হ’বলৈ ৰাইজক আহ্বান জনায়। কাৰ্যকৰী সভাপতি কেশৱ মহন্তই পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে আজিৰ সভাত কংগ্ৰেছকে ধৰি আন কেইবাটাও ৰাজনৈতিক দলৰ কেইবা শতাধিক বিষয়ববীয়া আৰু সদস্যই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। সভাত মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, উৎপল দত্ত, দেৱজিত থাওছেন, প্ৰকান্ত ৱাৰিছা, দেৱৰাজ ডিব্ৰাগেডে প্ৰমুখ্যে বহুকেইজন দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

Your Comments