মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নুখুজিলে অন্তত দোষ প্ৰকাশ কৰক, মন্ত্ৰী হিচাপে দায়িত্ব- আমিনুল ইছলাম

A

নিউজ ডেস্ক:

'ক্ষমতাৰ ৰাগিত বলিয়া হৈছে।যিকোনো মন্তব্য কৰাতো উচিত নহয়।মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নোখোজাক দম্ভালিক চূড়ান্ত অহংকাৰ আখ্যা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।
এআইইউডিএফৰ দুজনকৈ বিধায়কক জেহাদীৰ লগত সম্পৰ্ক থকা বুলি মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যক উভতি আমিনুল ইছলামে কয়- একেখন বিধানসভাৰ সদস্য হাফিজ ৰফিকুল ইছলাম।সতীৰ্থ বিধায়কৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা অতি দুৰ্ভাগ্যজনক।নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে।
ইফালে মন্ত্ৰী হাজৰিকাৰ ১৪গোষ্ঠীয়েও  ক্ষমা নোখোজে বুলি কোৱা প্ৰসংগত ইছলামে কয়- অহংকাৰ বেছি দিন নাথাকে।একনায়কত্ববাদী, স্বেচ্ছাচাৰী শাসকৰ অৱস্থা কেনেকুৱা হয় দেখিছোঁ।ইতিহাসত প্ৰমাণ আছে, ক্ষমতা চিৰদিন নাথাকে।ক্ষমা নুখুজিলে অন্তত দোষ প্রকাশ কৰক, মন্ত্ৰী হিচাপে এইয়া দায়িত্ব।

Your Comments