দিছপুৰত বিধায়ক অখিল গগৈৰ ধৰ্মঘট

A

নিউজ ডেস্ক:
অসম চৰকাৰৰ ২২জুলাইৰ কেবিনেট সিদ্ধান্তৰ বিৰোধিতা কৰি দিছপুৰত অখিল গগৈৰ প্ৰতিবাদ।লাষ্টগেটত আজি ধৰ্মঘট ৰূপায়ন কৰে শিৱসাগৰৰ  বিধায়ক অখিল গগৈয়ে ।ৰাইজৰ দলৰ উদ্যোগত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ মাধ্যম অসমীয়া বাহাল ৰখাৰ দাবীত ৰূপায়ণ কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।শেহতীয়াভাৱে ৰাজ্য চৰকাৰে  চৰকাৰী বিদ্যালয়ত বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী গগৈৰ।
ইয়াৰ উপৰিও ৰাজ্যৰ শিক্ষানুষ্ঠান অ-প্ৰাদেশিকৃত স্কুলৰ  প্ৰাদেশিকৰণ বন্ধ কৰা সিদ্ধান্তৰো বিৰোধিতা বিধায়ক গগৈৰ।চৰকাৰী খণ্ডৰ বিদ্যালয় ধ্বংস কৰি সংকোচন কৰা কৌশল ৰচনা কৰিছে ৰাজ্য চৰকাৰে।অসমৰ চৰকাৰী বিদ্যালয় ধ্বংস কৰি ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ পোষকতা কৰিছে চৰকাৰে। এয়া কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷  ৰাজ্যৰ চৰকাৰী বিদ্যালয় বন্ধ আৰু একত্ৰীকৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হ’ব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি শুই থাকোঁতে ভবাতো পুৱা জনতাৰ ওপৰত জাপি দি ৰজাৰ দৰে নিজকে আচৰণ কৰে, কাৰোঁ কথা শুনিব নিবিচাৰে- অখিলে কয়।
ইফালে চৰকাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ অসম বিধানসভাত বিশেষ অধিৱেশন অনুষ্ঠিত কৰি আলোচনা কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ আৰু কয় বিষয়সমূহ লৈ জাতীয় অভিবৰ্তন ৰাজ্য চৰকাৰে আয়োজন কৰক।ৰাজ্যৰ জাতীয় সংগঠন, শিক্ষাবিদ, ৰাজনৈতিক দল, বিশ্ববিদ্যালয় সমুহৰ উপাচাৰ্যসকলক নিমন্ত্ৰণ কৰি বিষয়টো আলোচনা কৰিব লাগে।

Your Comments