আপ অসমৰ মুখপাত্ৰ পলাক্ষী দাসৰ তৃণমূল কংগ্ৰেছত যোগদান

A

নিউজ ডেস্ক:

আম আদমী পাৰ্টী অসমৰ মুখপাত্ৰ পলাক্ষী দাসৰ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান।অসমৰ আপত সুৰক্ষিত নহয় মহিলা।এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি আপ নেত্ৰী তথা ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে যোগদান কৰে তৃণমূল কংগ্ৰেছত।দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত পলাক্ষীয়ে তৃণমূলত যোগদান কৰি কয় যে, অসম আপৰ ভিতৰ চৰাত চলে মহিলা স্কেডেল।দলটোত বহু আঁসোৱাহ আছে।সকলোবোৰ ভাবিয়েই ত্যাগ কৰিলো আপৰ মজিয়া।উল্লেখ্য যে, পলাক্ষী দাস আপৰ ৰাজ্যিক মুখপাত্ৰৰ দৰে দায়িত্বত আছিল।বিভিন্ন প্ৰতিবাদ তথা আন্দোলনত তেওঁ অতি সক্ৰিয়তাৰে আপৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।গুৰুত্বপূৰ্ণ কথা এই যে,বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পলাক্ষী আপৰ প্ৰাৰ্থীও আছিল।

Your Comments