এছিয়া কাপ ক্ৰিকেটত চিৰবৈৰী পাকিস্তানক পুনৰ পৰাস্ত কৰিলে ভাৰতে । দেওবাৰে অনুষ্ঠিত খেলখনত পাকিস্তানে ভাৰতৰ সন্মুখত ২৩৮ ৰাণৰ লক্ষ্য বান্ধি দিছিল । ৰোহিত শৰ্মা আৰু শিখৰ ধৱনৰ দুৰ্দান্ত বেটিঙৰ জোৰত ভাৰতে ৩৯.৩ অভাৰতে সেই লক্ষ্য অতিক্ৰম কৰে । মেচখনত ৯ উইকেটত বিশাল জয় সাব্যস্ত কৰে টীম ইণ্ডিয়াই । ৰোহিত শৰ্মাই ১১১ ৰান কৰি এদিনীয়াত ১৯ তম শতক অৰ্জন কৰে । ইফালে ১১৪ ৰাণ সংগ্ৰহ কৰি ১৫ সংখ্যক শতক অৰ্জন কৰে শিখৰ ধৱনে । অহা মঙ্গলবাৰে পৰৱৰ্তী মেচখনত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত ।
- Log in to post comments
- 19 views