হাজোৰ পশ্চিম বড়িগোগ মৌজাৰ চাপোন প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰৰ সামৰণি

A

 

নিউজ ডেস্ক:

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাসুদেৱ আঞ্চলিক শাখাৰ উদ্যোগত হাজো সমষ্টিৰ পশ্চিম বড়িগোগ মৌজাৰ চাপোন প্ৰাথমিক বিদ্যালয়ত যোৱা ৯  তাৰিখ শণিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়টো বিনামূলীয়া চিকিৎসা শিবিৰৰ সফলভাৱে সামৰণি পৰে । উক্ত শিবিৰত স্ত্ৰীৰোগ বিশেষজ্ঞ ডা: পি. কে. দি. মহন্ত, ডা: ধীৰেন্দ্ৰনাথ ডেকা, ডা: ৰিজুৱান আহমেদ, ডা: দিলীপ ডেকা, ডা: হৃশিকেশ লহকৰ,ডা: গৌৰী শংকৰ কলিতা, ফাৰমাচিষ্ট আব্দুচ ছালাম আদিয়ে স্বাস্থ্য শিবিৰত সেৱা আগবঢ়োৱাৰ লগতে ৰেডক্লিফ লেবৰ কৰ্মকৰ্তা সকলেও সহযোগিতা আগবঢ়ায় ৷গুৰুত্বপূৰ্ণ কথা এই যে,শিবিৰত বিনামূলীয়া ঔষধৰ লগতে ডায়বেটিছ, থাইৰয়ড আৰু কলেষ্টৰেল  যিকোনো এটা ৰোগৰ বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ সুবিধা প্ৰদান কৰা হয়।  অৱসৰপ্ৰাপ্ত সহ-অভিযন্তা প্ৰমোদ কলিতাই শিবিৰটোৰ উদ্বোধন কৰাৰ লগতে  বাসুদেৱ আঞ্চলিকৰ হৈ সকলো ভকত-বৈষ্ণৱে শিবিৰটো পৰিচালনা কৰে। বিশেষকৈ ৰঙিয়া জিলাৰ সদস্য ভৱেশ চন্দ্ৰ বৈশ্য আৰু নগেন কলিতাই আত ধৰা অনুষ্ঠানত লখেশ্বৰ কলিতা, প্ৰদীপ ডেকা, কমলজিত কলিতা, বিপিন চন্দ্ৰ ভূঞা, ৰজনী ডেকা, মন্টু লহকৰ, ৰামচন্দ্ৰ কলিতা আৰু নাৰায়ন দাসে সামগ্ৰিক কাম- কাজ পৰিচালনা কৰাৰ লগতে চাপোন নিৱাসী প্ৰফুল্ল ডেকা, ৰামচৰণ কলিতা আদিয়েও সহযোগিতা আগবঢ়ায় ৷ উক্ত শিবিৰত গেট হস্পিটেলৰ ফালৰ পৰা ডা: বেদব্ৰত পাঠক আৰু ডা: মদন দাস উপস্থিত থাকে।  পৰৱৰ্তী সময়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ হৈ বাসুদেৱ আঞ্চলিক শাখাই সাহিত্য, সাংস্কৃতিক, সামাজিক আদি দিশত দৃঢ় ভাৱে অগ্ৰসৰ হৈ মানৱ কল্যাণৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে দ্বিতীয়টো স্বাস্থ্য শিবিৰৰ  সফল সামৰণি ঘোষণা কৰে।

Your Comments

Related Articles