
নিউজ ডেস্ক:
পবিত্ৰ ঈদৰ আনন্দৰ মাজতে গুৱাহাটীৰ শৰাইঘাটত পুনৰ অঘটন।শৰাইঘাটৰ পুৰণি দলঙৰ পৰা ভৰা ব্ৰহ্মপুত্ৰত জাঁপ এগৰাকী যুৱকৰ।সন্ধানহীন যুৱকজনৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে।প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰায় ৩০ মিনিটৰো অধিক সময় দলঙৰ ৰেলিঙত ওলমি আছিল যুৱকজন।ইফালে জঁপিয়াই দিয়াৰ পিছত বহু সময় পানীত ওপঙি থকাও প্ৰত্যক্ষ কৰিছিল ৰাইজে।
আনহাতে সন্ধানহীন হৈ পৰা যুৱকজনক বিচাৰি নদী- আৰক্ষী, SDRFয়ে অভিযান আৰম্ভ কৰিছে।বর্তমানলৈ উদ্ধাৰ হোৱা নাই যুৱকজন।তাৎপৰ্যপূৰ্ণ কথা এই যে, কি কাৰণত ব্ৰহ্মপুত্ৰত যুৱকজনে জাঁপ দিলে সেয়া বৰ্তমান সময়ত ৰহস্যৰ আৱৰ্তত।
- Log in to post comments
- 13 views