জাতীয় যুৱ শক্তিৰ সভাপতি মনোনীত লাকীমণি বৰুৱা

A

নিউজ ডেস্ক:

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সভাপতিৰূপে মনোনীত হৈছে লাকীমণি বৰুৱা।আজি দিছপুৰ লাষ্টগেটত অনুষ্ঠিত জাতীয় যুৱ শক্তিৰ ৰাজ্যিক অভিৱৰ্তনত সৰ্বসন্মতিক্ৰমে লাকীমণি বৰুৱাক উক্ত পদৰ বাবে মনোনীত কৰা হয়৷উল্লেখযোগ্য যে লাকীমণি বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থা(PGSU)ৰ প্ৰথম গৰাকী মহিলা সভাপতি আছিল৷২০১৪ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল লাকীমণিয়ে ৷ বৰ্তমানে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে৷ইফালে আজিৰ অভিৱৰ্তনত পৰীক্ষিত বৰুৱা আৰু দ্বীপাংক সোণোৱালক কাৰ্যকৰী সভাপতিৰূপে মনোনীত কৰা হয়৷একেদৰে দীজু গগৈ, দ্বীপেন তালুকদাৰ, চাইদুল হক, গৌৰাংগ দত্ত, মণিন্দ্ৰ বৰা, অংকিত বৰুৱা আৰু দুৰ্লভ তালুকদাৰক সভাপতি হিচাপে আৰু চন্দ্ৰপল বৰুৱা, ৰিদীপ ভূষণ নাথ, ইফটিকাৰ হুছেইন আৰু হিমাংকু বৰ্মণক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয়৷উল্লেখ্য যে ৬১জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰে আঞ্চলিক ৰাজনৈতিক দলটোৱে৷

Your Comments