এজেপিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ৰাজ্যিক অভিবৰ্তন

A

নিউজ ডেস্ক:

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ৰাজ্যিক অভিৱৰ্তন শুকুৰবাৰে গুৱাহাটী দিছপুৰস্থিত  পি ডব্লিউ ডি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷দল গঠন হোৱাৰ  পিছত এইখন হৈছে জাতীয় যুৱ শক্তিৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশন৷
পুৱা দলৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনৰ পিছত অভিৱৰ্তনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়ায় দলৰ মুখ্য উপদেষ্টা ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্যই।সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰাৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টা বসন্ত ডেকায়ো উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে৷ইয়াৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷কেন্দ্ৰীয় সমিতিৰ ৫গৰাকী নেতা পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাত ৰাজ্যৰ আটাইকেইখন জিলাৰ যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷প্ৰতিনিধি সভাৰ শেষত জাতীয় যুৱ শক্তিৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয় ৷

Your Comments