১৪খনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ

১৪খনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ

অগপৰ সৈতে মিত্ৰতা অব্যাহত থাকিব বিজেপিৰ৷এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ৷ সভাপতিগৰাকীয়ে কয়- ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু এই মিত্ৰতা লোকসভাতো থাকিব৷ ৰঞ্জিত দাসৰ মন্তব্যৰ প্ৰসঙ্গত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিক্ৰিয়া- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৈছে অগপৰে বিজেপিৰ মিত্ৰতা থাকিব৷ কিন্তু এই বিষয়টো মুখেৰে ক’লে নহ’ব, আনুষ্ঠানিকভাৱে অগপক পত্ৰ দিব লাগিব৷ মিত্ৰতাৰ প্ৰসঙ্গত অগপ নেতা কলিতাই স্পষ্ট কৰি দিয়ে যে মিত্ৰতা হ’লেও ন্যূনতম পাঁচখন লোকসভাৰ আসন অগপক লাগিব৷ লোকসভা নিৰ্বাচনত ১৪খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগপ সাজু আছে বুলি অগপৰ নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷

Your Comments